বনৰীয়া হাতীৰ খাদ্যৰ বাবে তৈয়াৰ কৰাৰ প্ৰয়াস

ৰাজ্যত হাতী-মানুহৰ সংঘাত এটা পুৰণি সমস্যা । বনৰীয়া হাতীয়ে খাদ্যৰ অভাৱত জনাঞ্চললৈ ওলাই আহি খেতি-বাতি,ঘৰ-বাৰী আদি ব্যাপক অনিষ্ট সাধন কৰে । অনিদ্ৰাৰে কটাবলগীয়া হয় হাতীয়ে অহা-যোৱা কৰা গাঁওসমূহৰ জনসাধাৰণে ৷ খুমটাইৰ বিভিন্ন প্ৰান্ততো দেখা যায় বন্যহস্তীৰ উপদ্ৰৱ ।

খুমটাইৰ ১ নং ভোলাগুৰি গাঁৱত যোৱা বৰ্ষতো দেখা গৈছিল বন্যহস্তীৰ তাণ্ডৱ । প্ৰতিবছৰে খাদ্যৰ অভাৱৰ বাবে গাঁওবাসীক কৰা অনিষ্টৰ প্ৰতি লক্ষ্য ৰাখি এইবৰ্ষত ১ নং ভোলাগুৰি বাসীয়ে লৈছে বিশেষ ব্যৱস্থা । বন্যহস্তীৰ খাদ্যৰ বাবে হাতী অহা-যোৱা কৰা ধনশিৰিৰ পাৰত নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছে এখন বৃহৎ কলগছৰ বাগিছা । শ শ কলগছ ৰোপণ কৰিছে হাতীৰ খাদ্যৰ বাবে ।

ধনশিৰি নদী পাৰ হৈ হাতীসমূহ আহিয়েই যাতে কলগছ সমূহ আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰে আৰু জনাঞ্চললৈ নোযোৱাকৈ অনায়াসে উভতি যোৱাকৈ গাঁৱৰ ৰাইজে সাজু কৰিছে এই কলৰ বাগিছা । প্ৰায় পাঁচ শতাধিক কলগছ ৰোপনেৰে গঞা ৰাইজে হাত উজান দিছে কলৰ বাগিছা খন নিৰ্মাণৰ বাবে ।

কলগছৰ উপৰিও পৰৱৰ্তী পৰ্যায়ত অন‌্য গছ ৰোপনেৰে এখন বৃহৎ জংঘল নিৰ্মাণৰ পৰিকল্পনা কৰিছে ১ নং ভোলাগুৰি গাঁৱৰ ৰাইজে ৷ হাতী-মানুহৰ সংঘাতক প্ৰতিহত কৰিব পৰাকৈ পৰিকল্পিতভাৱে গ্ৰহণ কৰা এই পদক্ষেপ অসমৰ বিভিন্ন প্ৰান্তৰ এলেকাসমূহত গঢ়ি তুলিবলৈও‌ আহ্বান জনাইছে ১ নং ভোলাগুৰিৰ ৰাইজে ।

এই পদক্ষেপৰ জৰিয়তে বন্যহস্তীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সক্ষম হ’ব বুলি ৰাইজ আশাবাদী যদিও পৰৱৰ্তী সময়ত হাতীসমূহৰ আগমনে কি ধৰণৰ ৰূপ লয় সেইয়া হ’ব অতিকৈয়ে লক্ষণীয় বিষয় ।

লগতে পঢ়ক ১৫ বছৰীয়া দাম্পত্য জীৱন সামৰি বিচ্ছেদৰ সিদ্ধান্ত আমিৰ খানৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply