খুমটাইঃ আজি বিশ্ব পৰিবেশ দিৱস ৷ মানুহক প্ৰকৃতিৰ প্ৰতি সজাগ কৰা আৰু প্ৰাকৃতিক ভাৰাসাম্য বৰ্তাই ৰখাৰ বাবেই বিশ্বজুৰি পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস ৷

সমগ্ৰ অসমৰ লগতে খুমটাইৰ বিভিন্ন প্ৰান্ততো বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৰোপন কৰা হৈছে গছপুলি ৷ খুমটাইৰ বিভিন্ন প্ৰান্তৰ লগত মেলামৰাত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত বিভিন্ন সৌন্দৰ্যবৰ্ধক গছপুলি ৰোপন কৰে।

আৰু পঢ়কঃপ্ৰতিকূল বতৰকো নেওচি চৰাইদেউৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস পালন

মেলামৰাৰ কেইবাটাও অনুষ্ঠানত বহু মূল্যবান গছপুলি ৰোপন কৰিলে সংগঠনটোৱে ৷ বহুসংখ্যক গছপুলি ৰোপন কৰি প্ৰতিপালনৰ দায়িত্বটোও লৈছে তেওঁলোকে ৷

বিশ্ব পৰিবেশ দিৱসৰ দিনা গছপুলি ৰোপন কৰাৰ পিছত ডাঙৰ হোৱালৈকে প্ৰতিপালনৰ দায়িত্ব ল’বলৈ সকলোকে আহ্বান জনালে গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থাৰ গোলাঘাট জিলা সমিতিয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply