খুমটাইঃকৰোনা মহামাৰীৰ সমান্তৰালভাৱে কাল খহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে খুমটাইৰ বিভিন্ন অঞ্চলত ৷ খুমটাই সমষ্টিৰ অন্তৰ্গত ২নং বুটলিখোৱা অঞ্চলত বাৰিষাৰ আৰম্ভণিতে প্ৰত্যেক দিনাই চপৰা চপৰে খহিছে ধনশিৰিৰ গৰা ৷
শ শ বিঘা কৃষিভূমি ইতিমধ্যে জাহ গৈছে নদীৰ বুকুত। বৰ্তমান কেইবাটাও বাসগৃহ আৰু নদীৰ দূৰত্ব প্ৰায় ১০ মিটাৰ মানহে হ’ব ৷ যাৰ ফলত এতিয়া যিকোনো মুহূৰ্তত বিপদৰ আশংকা স্থানীয় লোকৰ ৷
আৰু পঢ়কঃসোণাৰিত পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক
স্থানীয় লোকৰ দাবী অতি শীঘ্ৰে যদি ৰাজ্যৰ জলসম্পদ বিভাগে এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া ২নং বুটলিখোৱা গাঁৱৰ লগতে সমীপৱৰ্তী বহু কেইটা অঞ্চললৈ আহিব ভাবুকি ৷
বাৰিষাৰ আৰম্ভণিতে খহনীয়াই কালৰূপ ধাৰণ কৰাত ভৰ বাৰিষাৰ বাবে চিন্তিত হৈ পৰিছে নৈপৰীয়া লোক ৷ ভৰ বাৰিষাৰ পূৰ্বেই এই বৃহত্তৰ অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল’বলৈ জলসম্পদ মন্ত্ৰী আৰু স্থানীয় বিধায়ক মৃণাল শইকীয়াক কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।