গোলাঘাট : কৃষকসকলে জৈৱিক পদ্ধতিৰে কৃষি কৰাৰ ক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠন “সুবিধা”ৰ বিশেষ পদক্ষেপ ৷ কৃষিকৰ্মত জৈৱিক পদ্ধতি কিদৰে ব্যৱহাৰ কৰিব পাৰি,বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰ কিদৰে প্ৰয়োগ কৰিব পাৰি তাৰ ওপৰত এক প্ৰশিক্ষণ প্ৰদান কৰিছে খুমটাইত ।

খুমটাইৰ কৃষি বিজ্ঞান কেন্দ্ৰত অৰ্ধশতাধিক কৃষকক প্ৰদান কৰা হয় প্ৰশিক্ষণ । সহায় স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত আৰু HDFC বেংকৰ অৰ্থ সাহায্যত বৰ্তমান গোলাঘাট জিলাৰ ১৫ খন গাঁৱৰ প্ৰায় ১৫০০ কৃষকক জড়িত কৰাই জৈৱিক কৃষিৰ ওপৰত এক প্ৰকল্প হাতত লৈছে ৷

‘সুবিধা’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে আয়োজন কৰা প্ৰশিক্ষণটিত জৈৱিক পদ্ধতি আৰু বিভিন্ন বিজ্ঞানসন্মত পদ্ধতিৰে কৃষি কৰিবলৈ প্ৰশিক্ষণ আগবঢ়োই কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানীসকলে । কৃষকসকলক খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰত বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰিবলৈ প্ৰয়োজন হোৱা মেছিন সমূহো পৰিদৰ্শন কৰাই ব্যৱহাৰৰ বিষয়ে জ্ঞান দিয়ে ৷

কম সময় আৰু কম খৰচত কেনেদৰে মেছিন ব্যৱহাৰ কৰি লাভান্বিত হ’ব পাৰি সেই বিষয়ে অৱগত কৰাই কৃষকসকলক ৷ কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণ লাভ কৰি উপকৃত হৈছে কৃষকসকল ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply