কমাৰগাঁও, চন্দন বৰাঃ গোলাঘাট জিলাৰ খুমটাই আৰক্ষীচকীৰ অন্তগৰ্ত বগৰিয়নীত ২৮ জুন তাৰিখে এক ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পৰা সাহসিকতাৰে তিনিজন যুৱকে ৰক্ষা কৰাত ৰাজ্যজুৰি বিভিন্নজনে যুৱক তিনিজনক আদৰণি জনায়। শুকুৰবাৰে খুমটাই ৰাজহ চক্ৰৰ কাৰ্যালয়ত তিনিজন যুৱকক সাংবাদিক, সচেতন ব্যক্তিৰ উপস্থিতিত চক্ৰ বিষয়া তনবীৰ ইউছুফ আহমেদ বিশেষ ভাৱে সম্বৰ্ধনা জনায়।

উল্লেখ্য যে, ২৮ জুন তাৰিখে পুৱা নিজ সন্তানক বিদ্যালয়লৈ অনাৰ সময়তে বগৰিয়নী গাঁৱৰ অতুল গগৈ, চুবু কুৰ্মী,  আৰু ৰাজেশ গৰাইটে ৰেললাইনৰ চিৰি ভাঙি থকা প্ৰত্যক্ষ কৰে। বিদ্যালয়ত নিজ সন্তানক থৈ উক্ত পথৰে আহি থাকোতে তেনে সময়তেই নুমলীগড় শোধনাগাৰৰ পৰা এখন খাৰুৱা তেল পৰিবাহী ৰেল উক্ত ৰেল লাইনে অহা উমান পাই তিনিজন লোকে নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি ৰেল লাইনৰ কাষৰে এঘৰ গৃহস্থৰ পৰা এখন ৰঙা ৰঙৰ চাদৰ উক্ত ভঙা অংশত আঁৰি তিনিজন লোকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰেলখন অহাৰ ফালে হাতেৰে ভঙ্গীমা দি আগুৱাই যায়। ৰেল চালকে যুৱক তিনিজনক প্ৰত্যক্ষ কৰাৰ লগতে ৰঙা কাপোৰ দেখি নাতি দূৰৈত ৰেলখন ৰখাই নামি অহাৰ লগে লগে তিনিজন লোকে সমগ্ৰ বিষয়টো অৱগত কৰে আৰু ভঙা অংশ ৰেল চালকক প্ৰত্যক্ষ কৰায়।

ইফালে লগে লগে ৰেলচালক গৰাকীয়ে সমগ্ৰ ঘটনাটো ৰেল বিভাগক অৱগত কৰাৰ লগতে উক্ত তিনিজন যুৱকক সাম্ভাব্য দুৰ্ঘটনাৰ পৰা ৰেলখন ৰক্ষা কৰাৰ বাবে ধন্যবাদ জনায়। ইফালে ঘটনাস্থলীত তাৎক্ষণিকভাৱে খুমটাই আৰু কমাৰগাঁও আৰক্ষীৰ উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে ৰেলবিভাগৰ কৰ্মচাৰী আহি উক্ত ভঙা অংশ মেৰামতি কৰে। তাৎপৰ্য পূৰ্ণ বিষয় যে নুমলীগড় শোধনাগাৰৰ পৰা প্ৰায় ৫০ টা টেংকিত কেইবা লাখ লিটাৰ খাৰুৱা তেল পৰিবাহী ৰেলখন দুৰ্ঘটনাৰ পৰা বুদ্ধিমত্তাৰ আৰু সাহসিকতাৰে তিনিজন যুৱকে ৰক্ষা কৰা বিষয়টো ৰাজ্যজুৰি চৰ্চা লাভ কৰে। তিনিজন যুৱকে উক্ত ৰেল দুৰ্ঘটনাৰ পৰা ৰক্ষা নকৰা হ’লে বৃহত্তৰ খুমটাই অঞ্চলত এক বিভীষিকাময় পৰিস্থিতি সৃষ্টি হোৱাৰ উপৰিও নুমলীগড় শোধনাগাৰৰ কোটি কোটি টকা লোকচানৰ সন্মুখীন হ’লহেতেন। আনহাতে যুৱক তিনি জনে ভয়ংকৰ বিপদৰ পৰা অঞ্চলটোক ৰক্ষা কৰাৰ বাবে সাহসী যুৱক চুবু, অতুল,ৰাজেশক আজি খুমটাই প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। উল্লেখ্য যে, ভয়ঙ্কৰ ৰেল দুুৰ্ঘটনা পৰা খুমটাইবাসীক ৰক্ষা কৰা তিনিজন যুৱকক সাহসিকতাৰ বঁটা প্ৰদান কৰিবলৈ চৰকাৰ প্ৰশাসন, নুুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ আৰু ৰেল বিভাগক দাবী উত্থাপন কৰিছে খুুমটাইৰ বিভিন্ন দল ,সংগঠন আৰু সমাজ সচেতন ব্যক্তি সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply