খুমটাইঃ খুমটাইৰ এখন প্ৰাথমিক বিদ্যালয়ত উদুলি মুদুলি পৰিবেশ৷ খুমটাইৰ বৰাহী গাঁৱৰ ৰাইজে উলহমালহেৰে অনুষ্ঠিত কৰিছে মেঘনা কুৰ্মি প্ৰাথমিক বিদ্যালয়ৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিদ্যালয়খনত সৃষ্টি হ’ল এক সাংস্কৃতিক পৰিবেশৰ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, স্মৃতি সৌধ উন্মোচন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকলৰ উদ্যোগত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়৷

লগতে পঢ়কঃকুখ্যাত ড্ৰাগছ মাফিয়া হাজো আৰক্ষীৰ জালত

অসমীয়া সংস্কৃতিৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত৷ এই অনুষ্ঠানৰ মুকলি সভাত গোলাঘাট জিলাখনৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ এই সভাতে “আলোকৰ যাত্ৰা” নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। বিদ্যালয়খনৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত স্থানীয় ৰাইজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply