কমাৰগাঁও,চন্দন বৰাঃ গোলাঘাট জিলাৰ খুমটাই সমীপৰ মেলামৰা মহাবিদ্যালয়ত দেওবাৰে বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। মেলামৰা মহাবিদ্যালয় আৰু যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ উদ্যোগত আয়োজন কৰা চকু চানি পৰা ৰোগৰ বিনামূলীয়া পৰীক্ষা শিবিৰৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষা জুৰী বৰুৱাই।

উল্লেখ্য যে, এই শিবিৰত বৃহত্তৰ মেলামৰা অঞ্চলৰ ১৫০ ৰোগীক চকু পৰীক্ষা কৰা হয়। ইয়াৰে ৪৪ গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে  যোৰহাট লায়ন্স চকু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। যোৰহাট লায়ন্স চিকিৎসালয়ৰ চকু বিশেষজ্ঞ ডাঃ ফাৰমিন আহমেদ, নিতুল চন্দ্ৰ বৰুৱাৰ লগতে চিকিৎসালয়খনৰ চিকিৎসা কৰ্মী প্ৰিয়াশ্ৰী শইকীয়া, মাধৱ শৰ্মা, ৰুমী শইকীয়া, বাবু দত্তই ৰোগী সকলক চকু পৰীক্ষা কৰে। মেলামৰা মহাবিদ্যালয়ৰ দৰে এখন শিক্ষানুষ্ঠানে অঞ্চলটোৰ বয়োজ্যেষ্ঠ লোক সকলক বিনামূলীয়াকৈ চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ বাবে সচেতন মহলে মহাবিদ্যালয়খনৰ পদক্ষেপক শলাগ লয়। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply