গোলাঘাটঃ খুমটাইৰ মেলামৰাৰ এগৰাকী যুৱতীয়ে INDIA BOOK of RECORDSত নাম সন্নিবিষ্ট কৰি ৰাজ্য়বাসীলৈ কঢ়িয়াই আনিছে গৌৰৱৰ বতৰা ।

এখন‌ সৰু বগা কাপোৰত ৭ ছে:মি: দৈৰ্ঘ্যৰ এম্ব্ৰইডাৰীৰে ১২ জন মহান মনীষীক জীৱন্ত ৰূপত ফুটাই তুলিছে এইগৰাকীয়ে যুৱতীয়ে । যুৱতীৰ গৰাকীৰ নাম ঋষিকন্যা কাশ্যপ । মেলামৰা মহাবিদ্যালয়ত ষষ্ঠ ষান্মাষিকত অধ্যয়নৰত ছাত্ৰী গৰাকীয়ে ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঘৰতে আৱদ্ধ হৈ থকা সময়চোৱাত মনোনিৱেশ‌ কৰিছিল এই কৰ্মত ।

লগতে পঢ়কঃনিবনুৱা যুৱক-যুৱতীসকল চাকৰিমুখী নহৈ কৃষিকৰ্ম কৰিবলৈ আগবাঢ়ি অহাটো শুভ লক্ষণ

কোনো ধৰণৰ আনু্ষ্ঠানিক শিক্ষা নোলোৱাকৈ দেউতাকে যোগাৰ কৰি দিয়া ক’লা সূতাৰেই এম্ব্ৰইডাৰী কৰি জীৱন্ত ৰূপত প্ৰতিফলিত কৰিছে মহাত্মা গান্ধী,সুভাষ চন্দ্ৰ বসু, জুবিন গাৰ্গ,অংগৰাগ মহন্ত,নৰেন্দ্ৰ মোদী,ভূপেন হাজৰিকা,ধোনী আদিকে ধৰি অনেকজনৰ ছবি ।

India Book of Records ৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱাত আনন্দিত ঋষিকন্যাৰ লগতে সমগ্ৰ অঞ্চলবাসী । ঘৰতে নিৰলস সাধনাৰে হস্তবিদ্যাৰ উচিত প্ৰয়োগেৰে‌ নিজেও উজলি আন বহুতৰে আদৰ্শ হৈ পৰিছে এইগৰাকী যুৱতী ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply