কমাৰগাঁওঃ গোলাঘাট জিলাৰ খুমটাইস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি “কৃষকৰ অংশীদাৰীত্ব আমাৰ প্ৰাথমিকতা” অভিযানৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ইয়াৰ লগত সংগতি ৰাখি এখনি কৃষক মেলা আৰু প্ৰদৰ্শনী অনুষ্ঠিত হয়। গোলাঘাট জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কৃষক মেলা আৰু প্ৰদৰ্শনীৰ ৰঙা ফিটা কাটি আৰু বন্তি প্ৰজ্বলন কৰি স্বাধীনতাৰ অমৃত মহোৎসৱৰ কৃষকৰ অংশীদাৰীত্ব আমাৰ প্ৰাথমিকতা অভিযানৰ শুভ উদ্বোধন কৰা লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি ভূমিত কঠিয়া সিচাঁ শুভাৰম্ভ কৰে। এই উপলক্ষে কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক প্ৰশিক্ষণ ভৱনত অনুষ্ঠিত অমৃত মহোৎসৱৰ সভাৰ উদেশ্য ব্যাখ্যা কৰে খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী জেষ্ঠ বিজ্ঞানী ড0 ভৱেশ চন্দ্ৰ ডেকাই। সভাত বক্তব্য ৰাখি জিলা উপায়ুক্ত গৰাকীয়ে নৱপ্ৰজন্মক কৃষি কৰ্মৰ জৰিয়তে সমাজ আৰু দেশক উন্নয়ন দিশে আগুৱাই নিয়াত গুৰুত্ব দিবলৈ আহ্বান জনায়।
লগতে পঢ়কঃবৰপেটাত এক ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত দুজন লোক
যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষা সঞ্চালক ড0 মনোৰঞ্জন নেওগৰ ওপৰি গোলাঘাট জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী সকলে সভাত কৃষক উপকৃত হোৱাৰ বক্তব্য প্ৰদান কৰে। গোলাঘাট জিলাৰ কৃষি বিষয়া ৰনজিত কুমাৰ শৰ্মা, প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, নুমলীগড় তেলশোধনাগাৰৰ বিষয়া মিন্টু সন্দিকৈ, কঠালগুৰি উন্নয়ন খণ্ডৰ বিষয়া সঞ্জীৱ বৰা আৰু বিত্ত বিভাগৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থকা আৰু জিলাখনৰ বিভিন্ন অঞ্চলৰ প্ৰায় তিনিশ কৃষকে অংশগ্ৰহণ কৰা সভাত কৃষি কৰ্মত আত্মনিয়োগ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা দুগৰাকী কৃষক খুমটাই বুটলিখোৱাৰ জয়ন্ত গগৈ আৰু বৰপাক অঞ্চলৰ প্ৰদীপ দাসক জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কৃষক দুগৰাকীক উদগনি বঁটা আগবঢ়ায়। কৃষক মেলা আৰু প্ৰদৰ্শনীত জিলাখনৰ বিভিন্ন আত্মসহায়ক গোট আৰু কৃষক গোট সমূহে অংশগ্ৰহণ কৰে।