YouTube video

গোলাঘাটঃ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই চুলাই মদৰ ব্যৱসায়ীৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে গোলাঘাটৰ আবকাৰী বিভাগ আৰু আৰক্ষী ৷

জিলাখনৰ খুমটাইত আজিও একাংশ চুলাই ব্যৱসায়ীয়ে অবৈধভাৱে চলাই আছে চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় ৷

খুমটাইৰ আঁঠুকঢ়াচুক এলেকাত আবকাৰী বিভাগ, আৰক্ষী আৰু ৰাজহ চক্ৰ বিষয়াই অভিযান চলাই উচ্ছেদ কৰিলে এটা বৃহৎ চুলাই মদৰ ভাটি ৷

আৰু পঢ়কঃজামুগুৰিহাটত চোৰাং কাঠ ভৰ্ত্তি ট্ৰাক জব্দ

অভিযানকাৰী দলটোৱে চাহ বাগিচাত লুকুৱাই ৰখা প্ৰায় ৮০-৯০ লিটাৰ চুলাই মদ নষ্ট কৰে ৷ কিছুদিনৰ আগতেও খুমটাইৰ আঁঠুকঢ়া চুকত গোলাঘাট আৱকাৰীয়ে চুলাই ভাটি উচ্ছেদ কৰিছিল যদিও বৰ্তমানলৈকে শিক্ষা লোৱা নাই কোনো চুলাই ব্যৱসায়ীয়ে ৷

অতি দুৰ্গম অঞ্চলৰ চুলাই ভাটিটোলৈ আবকাৰী-আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে চতুৰ চুলাই ব্যৱসায়ী ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply