সান্ধ্যআইন ভংগ কৰাৰ অপৰাধত চিনাতলীত বহু জনক জৰিমনা বিহিলে

গোলাঘাট: সান্ধ্যআইন অমান্য কৰি ঘুৰি ফুৰা লোকৰ বিৰুদ্ধে সৰৱ‌ হৈছে গোলাঘাট আৰক্ষী । খুমটাইৰ চিনাতলী চাৰিআলিত সক্ৰিয় ৰূপত ঢেকিয়াল আৰক্ষীৰ দল । আজি দেখা গ’ল আৰক্ষীয়ে লকডাউন অমান্য কৰি ওলাই অহা বহুজনক জৰিমণা বিহে।


গোলাঘাট জিলাত ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ বিপৰীতে জিলাখনৰ জনসাধাৰণে আওকাণ কৰিছে ক’ভিড বিধি । গোলাঘাট প্ৰশাসনে ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ বিধি-নিয়ম প্ৰস্তুত কৰি জনসাধাৰণক সজাগ হ’বলৈ আহ্বান জনোৱাৰ পৰিৱৰ্তে ৰাইজে আওকান কৰি আহিছে সকলো নীতি-নিয়ম ।

সান্ধ্যআইন নমনা লোকৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা দেখা গৈছে ঢেকিয়াল আৰক্ষী । আজি চিনাতলী চাৰিআলিত ঢেকিয়াল আৰক্ষী চকীৰ এটা দলে দিনৰ ২ বজাৰ পিছত সান্ধ্যআইন অমান্য কৰি ওলাই অহা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হ’ল । বাইক-চাইকেল অথবা গাড়ীৰে অহা লোকসকলক জৰিমণা বিহাৰ উপৰিও SOP মানি চলিবলৈ কঠোৰভাৱে আহ্বান জনায় ।

লগতে পঢ়ক চৰাইদেউ জিলাত মানসিক বিকাৰগ্ৰস্থসকলে লাভ কৰা নাই চৰকাৰী সা সুবিধা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply