কমাৰগাঁও (গোলাঘাট): যি সময়ত ৰাজ্য চৰকাৰে অসম আৰক্ষীক আধুনিকীকৰণ কৰি স্মাৰ্ট আৰক্ষীৰ কথা কৈ আহিছে ,তেনে সময়তো একাংশ আৰক্ষী চকী আৰু আৰক্ষী থানাৰ দুৰৱস্থাই চৰকাৰৰ প্ৰকৃত ছবিখন উদঙাই দিছে ।
গোলাঘাট জিলাৰ খুমটাইত ১৯৮৯ চনত স্থাপন হৈছিল খুমটাই আৰক্ষী চকী। ইয়াৰ পাছতেই ১৯৯২ চনত খুমটাই ৰাজহ চক্ৰৰ সমীপৰ ঐতিহাসিক ধোদৰ আলিৰ কাষতে তদানীন্তন চৰকাৰৰ দিনতে নিৰ্মাণ কৰিছিল আৰক্ষী চকীটো ।
তাৎপৰ্য পূৰ্ণ বিষয় যে দুৰ্বল আন্ত:গাঁথনিৰে নিৰ্মিত আৰক্ষী চকীটোৰ আৱাসসমূহ এতিয়া ভাঙি ছিঙি পৰিত্যক্ত অৱস্থা পাইছেগৈ । প্ৰায় ৩০ টা বছৰে মেৰামতিৰ অভাৱৰ বাবে ভাগি চিঙি যোৱা আৰক্ষী চকীৰ আৱাস সমূহৰ বাবে অসম আৰক্ষীৰ একাংশ জোৱান ২০১৮ বৰ্ষৰ মে মাহৰ পৰাই আৰক্ষী চকীটোৰ সমীপতে থকা খুমটাইৰ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন ভৱন থাকি বহু কষ্টৰে নিজৰ কৰ্তব্য কৰি যাব লগা হৈছে।

ইয়াৰ উপৰিও আৰক্ষী চকীখনত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা লগতে দীৰ্ঘদিনৰ পৰাই শৌচাগাৰ, স্নানাগাৰৰ সমস্যাই চকীটোত থকা আৰক্ষীক দুৰ্ভোগ ভোগাই আহিছে । তদুপৰি আৰক্ষী চকীটোৰ চৌহদৰ চাৰিবেৰা নথকাত আৰক্ষীৰ সকল নিজেই নিৰাপত্তাহীন হৈ পৰিছে ।
আনহাতে আৰক্ষী চকীটোৰ কাৰ্যালয়ৰ এটা অংশত বৰষুণ দিলে পানী পৰে । সৰ্বসাধাৰণ ৰাইজ , মন্ত্ৰী ,বিধায়কক নিৰাপত্তা প্ৰদান কৰা আৰক্ষীৰ সকলৰ আবাস গৃহৰ দুৰৱস্থাই ৰাজ্যৰ চৰকাৰৰ ফোপোলা স্বৰূপ উদঙাই দিছে ।
গুৰুত্বপূৰ্ণ বিষয় যে এই আৰক্ষী চকীখনৰ সন্মুখৰে প্ৰায় মন্ত্ৰী বিধায়ক লগতে গোলাঘাট জিলাৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া বিষয়া সকল আহ যাহ কৰে যদিও খুমটাই আৰক্ষীৰ চকীৰ জৰাজীৰ্ণ আবৃসগৃহ সমূহ মেৰামতিৰ লগতে অন্যান্য সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত আজি পৰ্যন্ত গুৰুত্ব প্ৰদান নকৰাত বৃহত্তৰ অঞ্চলটোৰ সমাজ সচেতন ব্যক্তি সকলে উদ্বেগ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰেই আৰক্ষী চকীটো মেৰামতিৰ কৰিবলৈ বিভাগীয় কতৃপক্ষক আহ্বান জনাইছে ।
লগতে পঢ়ক – বাজাজ গোটৰ প্ৰাক্তন অধ্যক্ষ, প্ৰখ্যাত উদ্যোগপতি ৰাহুল বাজাজৰ দেহাৱসান