গোলাঘাটঃ খুমটাইৰ সমীপৱৰ্তী ৰঙাগড়াত প্ৰতিবাদ। মঙলবাৰে এটা পোহনীয়া হাতীৰ গচকত মৃত্যু হৈছিল এগৰাকী ১২ বছৰীয়া কিশোৰৰ ।
জানিব পৰা মতে, ৰঙাগড়াৰ ৰত ভুই নামৰ লোকজনৰ একমাত্ৰ সন্তান বিশাল ভুইক জোৰ কৰি হাতীৰ পিঠিত উঠিবলৈ লৈ গৈছিল হাতীটোৰ অনভিজ্ঞ মাউতজনে। কাজিৰঙাৰ জীৱন বৰুৱা নামৰ লোকজনৰ হাতীটো যোৱা ৬ মাহৰ পৰা ৰাখিছিল ৰঙাগড়াৰ শহুৰেক হেমকান্ত দাস নামৰ লোকজনৰ ঘৰত। তাৎপৰ্যপূৰ্ণভাৱে হাতীটোৰ আচল মাউতজনক খেতি পথাৰত কাম কৰিবলৈ লগাই এজন অনভিজ্ঞ লোকক হাতীটোৰ দায়িত্ব দিছিল।
অনভিজ্ঞ লোকজনে পথেৰে হাতীতো লৈ যাকে-তাকে হাতীৰ পিঠিত উঠাই ঘুৰি ফুৰিছিল । তেনে সময়তে পথৰ দাঁতিতে থকা বিশাল ভুই নামৰ ১২ বছৰীয়া কিশোৰটিক জোৰ কৰি হাতীৰ পিঠিত উঠাই লৈ গৈছিল। অৱশেষত হাতীৰ গচকত মৃত্যু হয় শিশুটিৰ ।
লগতে পঢ়কঃহাটশিঙিমাৰী উকীল সন্থাৰ নিৰ্বাচন, মহম্মদ জাহাংগীৰ সভাপতিত্বত নতুন কমিটি গঠন
উল্লেখযোগ্য যে, বহুদিনৰে পৰা গাঁৱৰ ৰাইজে হাতীটোৰ আচৰণ প্ৰত্যক্ষ কৰি ইয়াৰ পৰা অন্য স্থানলৈ নিবলৈ আহ্বান জনাইছিল হাতীৰ মালিকক । কিন্তু ৰাইজৰ কথা গুৰুত্ব নিদি দায়িত্বজ্ঞানহীন ভাৱে এটা হাতীক লৈ ধেমালি কৰাৰ ফলতে এনে শোকাৱহ ঘটনা সংঘটিত হোৱাত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলত।
বৃহস্পতিবাৰে অঞ্চলটোৰ শ শ ৰাইজে হাতীটো ৰখা লোকজনৰ ঘৰ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ কৰে। মৃত কিশোৰটিৰ মৃতদেহ সন্মুখত লৈ উচিত ক্ষতিপূৰণৰ দাবী কৰিছে আছু,আটছা, স্থানীয় ৰাইজৰ লগতে পৰিয়ালবৰ্গই।
অৱশ্যে প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত মৃতদেহতো সৎকাৰৰ বাবে লৈ যায় ৰাইজে ।এই ঘটনাক লৈ কমাৰগাঁও থানাত এজাহাৰ দাখিল কৰিছে কিশোৰটিৰ পৰিয়ালবৰ্গই । ইতিমধ্যে হাতীটোক কমাৰগাঁও থানাত ৰখাৰ বিপৰীতে গৌৰৱ বড়ো নামৰ মাউতজনক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।