খুমটাইঃ এফালে অমিক্ৰণৰ আগমণক লৈ সতৰ্কতা, আনফালে ৰাজ্যৰ ঠাইয়ে ঠাইয়ে বন্যহস্তীৰ উপদ্ৰৱত ৰাইজ দিশহাৰা। তাৰমাজতে আকৌ এই সকলোবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ খুমটাইত ৰাইজে কৰিছে পূজা-অৰ্চনা।
খুমটাইৰ এৰাবাৰী পদুম পুখুৰীৰ পাৰত প্ৰায় ১৫০ বছৰ আগৰ পৰাই বিভিন্ন ৰোগ-ব্যাধিৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে কৰি আহিছে পূজা-অৰ্চনা ৷
বহুবছৰৰ আগতেই কলাজ্বৰত খুমটাইৰ বহুলোকৰ মৃত্যু হৈছিল তেতিয়া সেই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে ভোগ আগবঢ়াইছিল ৷
লগতে পঢ়কঃনৱবৰ্ষৰ প্ৰাকক্ষণত মাজুলীত ৫৪৩ বটল বিলাতী সুৰা জব্দ
তেনেদৰে আজিও প্ৰত্যেক বছৰে পৰম্পৰাগত ভাৱে ভোগ দি আহিছে খুমটাইৰ ৪০০ ঘৰ ৰাইজে । এই বিশেষ ভোগত বগা হাঁহ, পিঠাগুৰি আদিৰে কেৱল বগা বৰণৰ ব্যঞ্জন আগবঢ়োৱা হয়।
খুমটাইৰ ৪০০ ঘৰ লোকে বিগত ১৫০ টা বছৰে পৰম্পৰাগতভাৱে ৰূপায়ণ কৰি আহিছে এই ভোগ দিয়া কাৰ্যসূচী।
অতিমাৰীৰ পৰা মানৱ জাতিক উদ্ধাৰ কৰাৰ লগতে অঞ্চলটো বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণৰ প্ৰাৰ্থনা কৰিছে ৰাইজে।