খুমটাইঃ খুমটাইৰ এটি অসাধাৰণ প্ৰতিভাৰ অধিকাৰী শিশু ৷ বিগত কেইদিনমানৰ পৰা সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে এইগৰাকী শিশুৱে। শিশুগৰাকী হৈছে খুমটাইৰ পতিয়াপথাৰৰ পিংকু গগৈ ৷
৫ বছৰীয়া এই শিশুটিয়ে কোনো শিক্ষাগ্ৰহণ নকৰাকৈয়ে অনায়াসে কৰিব পাৰে ব্যতিক্ৰমী শৈলীৰ শাৰীৰিক যোগ ৷ কুশল গগৈ আৰু পূৰ্ণিমা গগৈৰ পুত্ৰ পিংকুয়ে বিগত ৩ মাহৰ পৰা কৰি আহিছে এনেধৰণৰ শাৰীৰিক যোগ ৷
আৰু পঢ়কঃমাজুলীৰ জেংৰাই চাপৰিত বিধ্বংসী অগ্নিকাণ্ড
পেট ঘূৰোৱা,চকু ঘুৰোৱা,আঙুলি বেকা কৰি ঘূৰোৱা আদিৰ অনায়াসে কৰিব পাৰে পিংকুৱে ৷ ঘৰতে মন গ’লেই কৰি থকা এইসমূহ প্ৰতিভা স্থানীয় যুৱকে দিছিল ছ’চিয়েল মিডিয়াত ৷ তাৰ পিছতে ব্যাপকভাৱে ভাইৰেল হৈ পৰিল এইগৰাকী শিশুৰ অদ্ভুট প্ৰতিভাৰ ভিডিঅ’ ৷
কোনো ম’বাইল,টিভিত নোচোৱাকৈ আৰু কাৰো ওচৰত প্ৰশিক্ষণ নোলোৱাকৈ শিশুটিয়ে নিজে নিজেই কৰিব পাৰে এনেধৰণৰ অসাধাৰণ কাৰ্য ৷
সঠিকভাৱে প্ৰশিক্ষণ লাভ কৰিলে পিংকু গগৈয়ে এনেধৰণৰ কাৰ্যত বহুদূৰ আগুৱাই যাব।