গোলাঘাটঃ গোলাঘাট জিলাৰ খুমটাইত কেইবাখনো চাহ বাগিচাত কোভিডে লৈছে কাল ৰূপ ৷ খুমটাইৰ শাওঁতলী আৰু বৰফলং চাহ বাগিচাত আজিও বাহাল আছে কন্টেইনমেন্ট জ’ন ৷
খুমটাইৰ কেইবাখনো চাহ বাগিচাত মহামাৰী কৰোনাত আক্ৰান্ত হৈছে শতাধিক চাহ শ্ৰমিক ৷ কোভিডে সংহাৰী ৰূপ লোৱা খুমটাইৰ কেইবাখনো চাহ বাগিচাৰ কন্টেইনমেন্ট জ’নত মঙলবাৰে চাহ শ্ৰমিকৰ অৱস্থাৰ বুজ ল’লে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷
শাওঁতলী,গৰঙা,বৰফলং আদি কেইবাখনো চাহ বাগিচাৰ চাহ শ্ৰমিকৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বাগিচাৰ পৰিচালক আৰু আটছাৰ লগত মত বিনিময় কৰে সাংসদ গৰাকীয়ে ৷
বাগিচাৰ শ্ৰমিকৰ শৰীৰত আৰম্ভ হোৱা গণ সংক্ৰমণে অশনি শংকেত অনাৰ লগতে সকলোকে শংকিত কৰি তুলিছে ৷
চৰকাৰে বাগিচা কৰ্তৃপক্ষক SOP জাৰি কৰিছে কোভিডৰ সংক্ৰমণ ৰোধৰ বাবে ৷
চৰকাৰৰ SOP মানি বাগিচা অঞ্চলৰ কোভিড আক্ৰান্ত সকলক চিকিৎসালয় আৰু বাগিচাতে স্থাপন কৰা কোভিড কেয়াৰ চেন্টাৰলৈ স্থানান্তৰিত কৰিছে ৷
খুমটাইৰ কন্টেইনমেন্ট জ’নত থকা লোকসকলৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সকলো অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ লগতে বাগিচা কৰ্তৃপক্ষই ৷
আৰু পঢ়কঃফকিৰগঞ্জ মডেল হাস্পাতালত জৰুৰী ৰোগীৰ বাবে সুবিধা নথকাৰ অভিযোগ