ভাওনা সমাৰোহ

গোলাঘাট: খুমটাইৰ চিনাতলীত অনুষ্ঠিত হৈ আছে সদৌ অসম ভাওনা প্ৰতিযোগিতা । স্বেচ্ছাসেৱী অনুষ্ঠান ‘অৰণ্যম’ৰ উদ্যোগত হৈ থকা ভাওনা প্ৰতিযোগিতাত অংশ লৈছে অসমৰ বিভিন্ন প্ৰান্তৰ ভাওনা দলে ।

দৈনিক হাজাৰ-হাজাৰ লোকৰ সমাগম ঘটিছে চিনাতলীৰ শংকৰ-মাধৱ ক্ষেত্ৰত । আটকধুনীয়াকৈ সজাই-পৰাই তোলা ভাওনাস্থলীত বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশৰ ।১২ দিনীয়া কাৰ্যসূচীৰে সমাৰোহ অনুষ্ঠিত কৰা হৈছিল যদিও ক’ভিডক লৈ জাৰি হোৱা SOP ৰ বাবে অহা ৩১ জানুৱাৰীত অন্ত পৰিব প্ৰতিযোগিতাখন ।

সামৰণি অনুষ্ঠানত অংশ ল’ব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । এক জটিল পৰিৱেশৰ মাজতে ভাওনা প্ৰদৰ্শন কৰিবলৈ পাই আনন্দিত হৈ পৰিছে শিল্পীসকল ।

গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত ক’ভিডৰ জটিল পৰিস্থিতিৰ মাজতো ভাওনা অনুষ্ঠিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত সকলোৰে সহযোগিতাৰ আশা কৰিছে উদযাপন সমিতিয়ে ।

লগতে পঢ়ক- মহানগৰীত ড্ৰাগছ বিৰোধী অভিযান ,ড্ৰাগছসহ দুই যুবকক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply