গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ খকন্ডগুৰিত মহিলাসকলৰ শাৰীৰিক-মানসিক বিভিন্ন সমস্যা সন্দৰ্ভত এক সজাগতামূলক কৰ্মসূচী ৰূপায়ণ কৰে গোলাঘাটৰ এটা স্বেচ্ছাসেৱী সংগঠন The Equinox য়ে ।
মহিলা সকলৰ মাহেকীয়া হোৱা সময়খিনিত কিদৰে বিজ্ঞানসন্মত আৰু স্বাস্থ্যসন্মতভাৱে কাম-কাজ কৰিব লাগে,আমাৰ সমাজত এই সম্পৰ্কে থকা ভ্ৰান্ত ধাৰণা সমূহ দূৰ কৰা আদি মহিলা সকলৰ বিভিন্ন অকঠিত সমস্যা সমূহৰ ক্ষেত্ৰত অন্তৰংগভাৱে আলোচনা কৰি মহিলাসকলে পুৰুষৰ সমানুপাতিকভাৱে আগবাঢ়ি যাব পৰাকৈ পৰামৰ্শ প্ৰদান কৰে ।
গোলাঘাটৰ সু-চিকিৎসক ডা: সুনীতা এক্কায়ে মহিলা সৱলীকৰণৰ ওপৰিও ধপাঁতৰ অপকাৰিতা,TB ৰোগৰ ভয়াৱহতা আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে ।তাৰোপৰি বিনামূলীয়াকৈ মহিলাসকলক চেনিটেৰী নেপকিন প্ৰদান কৰে ।
লগতে পঢ়ক-বুটমাহত বিষক্ৰিয়া : আক্রান্ত ২৫ জনকৈ লোক
উল্লেখযোগ্য যে,The Equinox নামৰ এই সংগঠনটোয়ে জিলাখনত বিশেষকৈ গ্ৰাম্যাঞ্চলত এনে বহুতো সমাজদৰদী কাৰ্যসূচী ৰূপায়ণেৰে বিভিন্নধৰনে উৎকৰ্ষ সাধন কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে ।