কমাৰগাঁওঃ আজি আন্তৰ্জাতিক নাৰী দিৱস। নাৰী সকলৰ এই বিশেষ দিনটো সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ লগতে খুমটাই সমষ্টিৰো বিভিন্ন অঞ্চলত উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস।

উল্লেখ্য যে, অঞ্চলটোৰ খুমটাই জয়া গগৈ কলেজৰ লগতে সমষ্টিটোৰ কঠালগুৰি উন্নয়ন খণ্ড, খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ১ নং ক্লাষ্টাৰ লেভেল ফেডাৰেছনৰ উদ্যোগত কচুপথাৰ,  খুমটাই,  শাওঁতলী আৰু হাবিচোৱা এই চাৰিখন পঞ্চায়ত সামৰি খুমটাই নগাঁৱৰ মহিলা সমিতিৰ কাৰ্য্যালয়ত এদিনীয়া কায্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।

নাৰী দিৱসৰ লগত সংগতি ৰাখি নাৰী সমাজৰ মাজত বিভিন্ন প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। নাৰী সমাজৰ এই পবিত্ৰ দিনতো যি সময়ত দেশত বৰ্ণাঢ্য তাৰে পালন কৰি অহা হৈছে তেনে সময়ত একাংশ মহিলাই কিন্তু জীৱন জীৱিকাৰ বাবে আজিৰ দিনটোতো দিন হাজিৰা কৰি পেটৰ ভাতমুঠি মোকলাব লগা পৰিস্থিতি সৃষ্টি হৈছে ।

উল্লেখ্য যে আজি নাৰী সমাজৰ এই পবিত্ৰ দিনাও আন দিনৰ দৰে আজিও খুমটাই অঞ্চলত গাওঁ আৰু বাগিচা অঞ্চলৰ একাংশ মহিলাই হাতত কোৰ ,কুঠাৰ , মূৰত পাচি, টুকুৰী আদি লৈ দিন হাজিৰা কৰিবলৈ বাধ্য হ’ব লগাত পৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply