খুমটাইৰ বিকি ভূমিজ

গোলাঘাট: জীৱনৰ ১৮ টা বসন্ত মাথো পাৰ কৰিছে তেওঁ ৷ অন্য চফল ডেকাৰ দৰেই সপোন আছিল তেওঁৰ কিন্তু হঠাৎ যেন সপোনবোৰ ভাঙি পৰিল ৷ খুমটাইৰ সেন্দুৰীটিং চাহ বাগিছাৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ এগৰাকী দুৰ্ভগীয়া যুৱক বিকি ভূমিজৰ কাহিনী ।

পেটৰ তাড়নাত উৰিয়ামঘাটৰ চিলনীজানত ফেক্টৰীৰ কাম কৰি থকা অৱস্থাত মেছিন পৰি যোৱা বছৰেই এখন ভৰি কেইবাটুকুৰা হৈ ভাগি গৈছিল তেওঁৰ । মালিকে ন্যুনতম চিকিৎসা কৰায়েই দায়িত্ব সামৰাৰ পিছত অৰ্থৰ অভাৱত যোৱা এটা বছৰে ঘৰতে শয্যাগত হৈ আছে দুৰ্ভগীয়া যুৱকজন । দিন হাজিৰা কৰি কোনোমতে দুবেলা দুসাঁজ যোগাৰ কৰা বায়েক-ভিনিয়েকে মাটি-সম্পত্তি বিক্ৰী কৰি চিকিৎসাৰ ব্যয় কৰিছে যদিও সেইয়া হোৱা নাই পৰ্যাপ্ত ।

দুৰ্ভগীয়া-দৰিদ্ৰ পৰিয়ালটিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ লগতে হৃদয়বান লোকক চিকিৎসাৰ বাবে সহায় কৰিবলৈ জনাইছে কাতৰ আহ্বান । উন্নত চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকৰ এধানিমান সহায়ে বিকি ভূমিজ নামৰ ১৮ বছৰীয়া যুৱকজনৰ মুখলৈ হাঁহি ঘূৰাই আনিব ৷

কোনোৱে সহায়ৰ হাত আগবঢ়াব বিছাৰিলে 8638052359 এই নম্বৰত যোগাযোগ কৰিব পাৰিব ৷
পৰিয়ালটিৰ বেংক একাউন্ট নং- 0794010334389
IFSC Code- PUNB0079420
Account Holder:- Mangalsai Bhumij
কমাৰগাঁও শাখা ।

লগতে পঢ়ক নাৱেৰে চিকিৎসালয়লৈ যাত্ৰা যন্ত্ৰণাকাতৰ প্ৰসূতিৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply