মৰাণ: নাম-প্ৰসংগ, হাজাৰ হাজাৰ চাকি-বন্তি আৰু শ শ ভক্তপ্ৰাণ লোকৰ উপস্থিতিৰে খোৱাঙৰ হালধিবাৰী নগৰ থানত অনুষ্ঠিত হৈছে বছৰেকীয়া ৰাজহুৱা সবাহ ।
আধ্যাত্মিকতাৰ এক সুন্দৰ ছবি দেখিবলৈ পোৱা গৈছে মৰাণৰ সমীপৰ খোৱাং হালধিবাৰী নগৰ থানত । থান খনৰ বছৰেকীয়া ৰাজহুৱা সবাহ অনুষ্ঠানত প্ৰতি বছৰে ফাগুন-চ’ত মাহত এই ৰাজহুৱা সবাহভাগি দিবা-নৈশ কাৰ্যসূচীৰে আয়োজন কৰা হয় ।

প্ৰায় অৰ্ধ শতাধিক গাঁও একত্ৰিত হৈ আয়োজন কৰা এই অনুষ্ঠান ভাগিত দূৰ-দূৰণিৰ বহু ভক্তপাণ লোকে অংশ লৈছে । পুৱা ধৰ্মধজ্জ্বা উত্তোলনেৰে এই কাৰ্যসূচী আৰম্ভ হয় । শাৰী শাৰী চাকি-বন্তি আৰু শ শ ভক্তপ্ৰাণ লোকৰ উপস্থিতিৰে সমগ্ৰ অঞ্চলটো জীপাল কৰি তোলে । দিবা-নৈশ কাৰ্যসূচীত নিশালৈ টোকাৰী গীত, দিহা নামকে আদি কৰি কেইবাটাও কাৰ্যসূচী হয় । 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply