মৰাণৰ সমীপৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি এগৰাকী মহিলা মৃত্যু হয় । বন্ধ্যাকৰণৰ সময়তে চেপনৰ দশমী চাওৰা (২৬) নামৰ মহিলা গৰাকী মৃত্যু হয় ।

চিকিৎসকে জানিবলৈ দিয়া অনুসৰি আজি খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৩০ গৰাকী মহিলাক বন্ধ্যাকৰণৰ বাবে নাম অনুভুক্ত কৰা হয় ।

ডিব্ৰুগড় ডাঃ ৰাজীৱ গগৈ নামৰ চিকিৎসকজনে প্ৰায় বিলাক মহিলাৰ বন্ধ্যাকৰণ কৰে যদিও দশমী চাওৰা নামৰ মহিলা গৰাকীৰ বন্ধ্যাকৰণৰ কাম আৰম্ভ কৰাৰ সময়তে মৃত্যু হয় ।

অৱশ্যে মহিলা গৰাকী কি কাৰণ মৃত্যু হ’ল সেয়া জানিব পৰা হোৱা নাই । মহিলা গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব বুলি চিকিৎসকে জনাইছে । গোটেই ঘটনাটোৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ লগতে আৰক্ষীয়ে তদন্ত কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply