গোৰেশ্বৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলত অংশগ্ৰহণ কৰি ঘৰলৈ ওভতাৰ পথত মৃত্যু গোৰেশ্বৰৰ খেলুৱৈ দানচৌৰাং নাৰ্জাৰীৰ(১৯) ।

গোৱাৰ পৰা ৰেলগাড়ীৰে ওভতি আহি থকা অৱস্থাত খেলুৱৈ জন আক্ৰান্ত হৈছিল ডায়েৰীয়াত ।

তাৎক্ষণিকভাৱে অন্ধপ্ৰদেশৰ গোদাবৰী ৰেল ষ্টেচনত নমাই চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল খেলুৱৈজনক।

কিন্তু দুৰ্ভাগ্যযনকভাৱে চিকিৎসালয়ত মৃত্যু হয় দানচোৰাং নাৰ্জাৰীৰ।

গোৱাত অনুষ্ঠিত ৱাকো ইণ্ডিয়া কিক্ বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰিছিল দানচৌৰাং নাৰ্জাৰীয়ে।

লগতে পঢ়কঃঅসমৰ ভেটি গঢ়োতা চাওলুং চুকাফাৰ সমাধীস্থল আজিও অসুৰক্ষিত তথা বেদখলকাৰীৰ কৱলত

বাক্সা জিলাৰ গোৰেশ্বৰৰ ৩ নং বালাবাৰীত ঘৰ দানচৌৰাং নাৰ্জাৰীৰ। পূৰ্বেও কেইবাটাও মেডেল লাভ কৰিছিল দানচৌৰাং নাৰ্জাৰীয়ে। এইবেলি অসম দলৰ হৈ কিক বক্সিংখেলত অংশ লৈছিল খেলুৱৈগৰাকীয়ে।

দানচৌৰাং নাৰ্জাৰীৰ মৃতদেহ অন্ধ্ৰপ্ৰদেশৰ ৰাজহান্দ্ৰে হস্পিতালতে আছে। দৰিদ্ৰ পৰিয়ালটোৱে মৃতদেহ আনিবলৈ এতিয়া অপাৰগ হৈ পৰিছে।

বিটিআৰৰ চীফ প্ৰমোদ বড়ো আৰু ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰাক মৃতদেহ ঘৰলৈ আনি দিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।

গোৰেশ্বৰৰ দানচৌৰাং নাৰ্জাৰী সহ ৮গৰাকীকৈ খেলুৱৈ গৈছিল খেলখনলৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply