সোণাৰি: মই নগা মানুহ। মোক নিজৰ ভণী ভাবি মোৰ স্বামীক এৰি দিয়ক। সকলো একেই মানুহ। কণমানি জনীৰ মুখলৈ চাই এৰি দিয়ক আপোনালোকে । এনেদৰেই NSCN(K)লৈ আহ্বান নগালেণ্ডৰ জোঁৱাই তথা অৰুণাচল প্ৰদেশৰ লংডিঙত অপহৃত ডিব্ৰুগড় জিলাৰ টিংখং কেচেৰুগুৰীৰ হীৰেন কোঁচৰ পত্নীৰ।
উল্লেখ্য যে, যোৱা ৩১ জানুৱাৰীৰ নিশা কৰ্মস্থলী পৰাই নগা উগ্ৰপন্থী সংগঠন এনে এছ চি এনে অপহৰণ কৰাৰ পাঁচ দিন হ’ল যদিও আজিলৈকে কোনো সুংশুত্ৰ নাই টিংখং কেচেৰুগুৰীৰ হীৰেন কোঁচৰ লগতে বিহাৰৰ ৰামাশিছ মাহাত্বো নামৰ লোকজনৰ।
তথ্য অনুসৰি চৰাইদেউ জিলাৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ লাংখৌ বস্তিৰপৰা ভাৰত-ম্যানমাৰ সীমান্তৰ পুমাও বস্তিলৈকে এটা পথ নিৰ্মাণত জেচিবি চালক হিচাপে নিয়োজিত হীৰেন কোঁচৰ লগতে বিহাৰৰ ৰামাশিছ মাহাত্বো আৰু স্থানীয় অৰুণাচলী বাসিন্দা বানফাও ৱাংপাম নামৰ লোকজনক সন্দেহযুক্ত নগা উগ্ৰপন্থী সংগঠনে উগ্ৰপন্থী সংগঠনে অপহৰণ কৰিছিল।
পৰৱৰ্তী সময়ত অৰুণাচলী লোকজনক নগা উগ্ৰপন্থী সংগঠনটোৱে মুকলি কৰি দিয়াত পোহৰলৈ আহে অপহৰণৰ কথা। জানিব পৰা মতে, সন্দেহযুক্ত নগা উগ্ৰপন্থী সংগঠনৰ প্ৰায় দহ জনীয়া বন্দুকধাৰী দলে নিশাৰ অন্ধকাৰত খোজ কঢ়াই হাবিৰ মাজৰ দূৰ্গম এলেকাৰ দিশে লৈ যায় শ্ৰমিকক কেইগৰাকীক।

এই সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ স্থানীয় আৰক্ষীক অৱগত কৰা হৈছে যদিও আজিলৈকে কোনো তথ্য পোৱা নাই আৰক্ষীয়ে। ফলত এক শোকাকূল পৰিৱেশে বিৰাজ কৰিছে হীৰেন কোঁচৰ পৰিয়ালত । আনহাতে এই ঘটনা সন্দৰ্ভত সম্প্ৰতি হীৰেন কোঁচৰ মাতৃৰ লগতে পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে।
সেয়েহে হীৰেনৰ অৱস্থিতি সন্দৰ্ভত স্পষ্ট কৰিবলৈ সকলো পক্ষকে আহ্বান জনাইছে। ইপিনে অপহৃত হীৰেন কোঁচৰ ঘৰ অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাৰ ঘৰৰপৰা নাতি দূৰৈত যদিও আজিলৈকে মন্ত্ৰীগৰাকীয়ে এবাৰলৈও দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ লোৱা নাই বুলি জানিব পৰা গৈছে। যাৰ ফলত এতিয়া অসম চৰকাৰৰ সংশ্লিষ্ট পক্ষৰ সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে।
লগতে পঢ়ক- ভাৰতে বৰ্জন কৰিলে আজিৰে পৰা আৰম্ভ হোৱা শীতকালীন অলিম্পিক