সোণাৰি : চৈধ্য দিনৰ অন্তত নগা উগ্ৰপন্থী সংগঠনে মুকলি কৰি দিলে অসমৰ শ্ৰমিকক। অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তত নগা উগ্ৰপন্থী সংগঠনে মুকলি কৰি দিলে ডিব্ৰুগড় জিলাৰ টিংখং কেচেৰুগুৰীৰ হীৰেন কোঁচক।
তথ্য অনুসৰি ৩১ জানুৱাৰী নিশা চৰাইদেউ জিলাৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ লাংখৌ বস্তিৰপৰা ভাৰত-ম্যানমাৰ সীমান্তৰ পুমাও বস্তিলৈকে এটা পথ নিৰ্মাণত জেচিবি চালক হিচাপে নিয়োজিত হীৰেন কোঁচৰ লগতে বিহাৰৰ ৰামাশিছ মাহাত্বো আৰু স্থানীয় অৰুণাচলী বাসিন্দা বানফাও ৱাংপাম নামৰ লোকজনক সন্দেহযুক্ত নগা উগ্ৰপন্থী সংগঠনে উগ্ৰপন্থী সংগঠনে অপহৰণ কৰিছিল।
পৰৱৰ্তী সময়ত অৰুণাচলী লোকজনক নগা উগ্ৰপন্থী সংগঠনটোৱে মুকলি কৰি দিয়াত পোহৰলৈ আহে অপহৰণৰ কথা। জানিব পৰা মতে, সন্দেহযুক্ত নগা উগ্ৰপন্থী সংগঠনৰ প্ৰায় দহ জনীয়া বন্দুকধাৰী দলে নিশাৰ অন্ধকাৰত খোজ কঢ়াই হাবিৰ মাজৰ দূৰ্গম এলেকাৰ দিশে লৈ যায় শ্ৰমিকক কেইগৰাকীক।
অৱশেষত কালি নিশা ভাৰত-ম্যানমাৰ সীমান্তত উদ্ধাৰ কৰা পাছত অৰুণাচল প্ৰদেশৰ লংডিং আৰক্ষীৰ জিম্মাত ৰাখিছে হীৰেন কোঁচক। আজি হীৰেন কোঁচক পৰিয়ালৰ লোকৰ ওচৰত চমজাই দিয়াৰ সম্ভাৱনা আছে। ইফালে বিহাৰৰ লোকজনৰ সন্দৰ্ভত এতিয়াও সবিশেষ তথ্য লাভ কৰা নাই।
লগতে পঢ়ক- এবছৰতেই একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা আতৰিল বিহু বিষয়ৰ পাঠ্যক্ৰম