নিউজ ডেস্কঃ অ’এনজিচিৰ বিষয়া অপহৰণকাণ্ডৰ অন্যতম খলনায়ক বসন্ত বুঢ়াগোঁহাইক গ্ৰেপ্তাৰ।
অসম আৰক্ষীৰ ২৫ নং বেটেলিয়ানৰ জোৱান আছিল বসন্ত বুঢ়াগোঁহাই।
এই ঘটনাত আৰু দুজন আৰক্ষীৰ লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে।
ইতিমধ্যে শদিয়াত আটক কৰিছে আৰক্ষী কনিষ্টবল বসন্ত বুঢ়াগোহাঁইক।
কিছু দিন ধৰি চোৰাংচোৱাৰ নিৰীক্ষণত অৱস্থান কৰিছিল বুঢ়াগোঁহাইয়ে।
লাকুৱা অ’এনজিচিৰ ৩ বিষয়াৰ অপহৰণত জড়িত আছিল বসন্তসহ দুজন আৰক্ষীৰ লোক।
ইতিমধ্যে এই অপহৰণ কাণ্ডই ছয় দিনত ভৰি দিলে।
উল্লেখ্য যে ২১ এপ্ৰিলত অএনজিচিৰ GGS ৮ ৰ সমীপৰ পৰা আলফা স্বাধীনে অপহৰণ কৰিছিল মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়া নামৰ অ’এনজিচিৰ কৰ্মচাৰী কেইগৰাকীক।
শনিবাৰে নিশা বাৰ বজাৰ পাছত আছাম ৰাইফলছ আৰু নাগালেণ্ডৰ আৰক্ষীয়ে অসম আৰক্ষীৰ জিম্মাত দিলে নাগালেণ্ডৰ গভীৰ অৰণ্যৰ মাজত উদ্ধাৰ হোৱা অ’এনজিচিৰ অপহৃত দুই কৰ্মচাৰীক।
কিন্তু এই পৰ্যন্ত সন্ধান ওলোৱা নাই তিতাবৰৰ নাঙল গাঁৱৰ যুৱক ৰিতুল শইকীয়াৰ ।