গোৰেশ্বৰঃ বাক্সাৰ উপৰখুটি ভোলাঝাৰত অপহৰণকাৰী আটক।
গোৰেশ্বৰ আৰক্ষীয়ে আটক কৰে প্ৰকাশ প্ৰচাই নামৰ অপহৰণকাৰীটোক।
গুৱাহাটীৰ গড়চুকৰ যুৱ ব্যৱসায়ী সঞ্জয় আগৰৱালাৰ অপহৰণ কাণ্ডত জড়িত আছিল প্ৰকাশ।
ব্যৱসায়ীগৰাকীৰ বি এল ভাৰতী নামৰঔষধ প্ৰতিষ্ঠানৰ নিৰাপত্তাৰক্ষী হিচাপে আছিল ধৃত অপহৰণকাৰীটো।
লগতে পঢ়কঃড্ৰাগছসহ সোণাৰিত তিনি যুবক গ্ৰেপ্তাৰ
২৪ ছেপ্তেম্বৰ ২০১১চনত এই অপহৰণ কাণ্ডটো সংঘটিত হৈছিল। ১১ বছৰে পলাতক হৈ আছিল প্ৰকাশ প্ৰচাই।
গড়চুক থানাৰ গোচৰ নং২৯৪/২০১১ ধাৰা ১২০ বি/৩৬৪এ/আই পি চি ধাৰাত অপহৰণকাৰীটোৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।
ধৃত অপহৰণকাৰীতো ধৰ্ষণৰ গোচৰতো অভিযুক্ত আছিল।