অৰ্থনৈতিক আৰু সামাজিক অৱস্থাৰ এক ভয়ানক ছবিৰ প্ৰতিফলন ঘটিছে এইখন অসমৰ মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুল গাৱত ৷
দৰিদ্রতা অভিশাপস্বৰূপ হৈ পৰা গাঁও খনৰ একাংশ লোকৰ বাবে কিডনী বিক্রিয়েই যেন চৰম উপায় হৈ পৰিছে ৷মৰিগাঁও জিলাৰ বৃহত্তৰ ধৰমতুল অঞ্চলৰ এই খবৰে ইতিমধ্যে ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰিছে৷ এক দীঘলীয়া তালিকা জনতা দাসৰ পৰা আৰম্ভ কৰি বুল দাস, কৃষ্ণা দাস, সুমন্ত দাস, বাবুল দাস, মুনু গোৱালা আদিৰ দৰে গাঁওখনৰ বহুজনৰ শৰীৰত এতিয়া মাত্ৰ এটা কিডনী লৈ জীয়াই আছে ৷
গাঁওবাসীৰ আৰ্থিক অনাটন আৰু নিৰক্ষৰতাৰ বাবে এচাম ধুৰন্ধৰ লোকে টকাৰ লোভ দেখুৱাই এই কাৰ্য চলাই গৈছে৷ ৬ বছৰ মান আগতে গাঁও খনৰ জনতা দাস নামৰ লোক জনে কিডনী বিক্ৰী লক্ষাধিক টকা পোৱা বিষয়টো জনাজাত হোৱাৰ পিছৰে পৰা গাঁওখনৰ এচামলোক নিজৰ দেহাটোৰ কথা গুকুত্ব নিদি ধনৰ পিছত দৌৰা আৰম্ভ কৰিছিল ৷
এই সুযোগ লৈ আগবাঢ়িছিল বৰঘাটৰ ৰমেন মেধি নামৰ লোকজন এইজন ব্যক্তিয়েই গাওবাসীৰ মুৰত কিডনী দিলে একো নহয় আৰু তাৰ পৰা তেওলোক আৰ্থিক ভাবে কেনেদৰে লাভবান হব সেইবোৰ কথাৰ বুজনি দিছিল ৷ ৰমেন মেধিৰ সৈতে এই চক্ৰটোৰ সৈতে জড়িত আছিল মৰিগাৱৰ ৰাজেশ পোদ্দাৰ আৰু ধুবুৰীৰ প্লাবন বৰঠাকুৰ৷ এই ব্যক্তিকেইজনেই গাওবাসীক টকা ঘটাৰ এই বিপদজনক পথটোলৈ যাবলৈ বিশেষ ভাবে অনুপ্ৰানিত কৰিছিল ৷
গাঁওখনৰ টুটু দাস নামৰ যুবক জনে জনোৱা মতে আৰ্থিক অনাটনৰ বাবেই তেও কিডনী বিক্ৰী কৰিবলৈ আগবাঢ়ি গৈছিল ৷ কিন্ত তেওৰ দেহত মধুমেহ ৰোগৰ উপস্থিতি ধৰা পৰাত তেওক লীভাৰ দিবৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল যদিও তেও দিবলৈ অমান্তি হয়৷ নিজৰ সন্তানক ডাঙৰ দীঘল কৰাৰ ক্ষেত্ৰত আৰ্থিক অসুবিধাৰ সৃষ্টি হোৱাৰ বাবেই তেও এই কাম কৰিবলৈ আগবাঢ়িছিল ৷
গাঁওখনৰ ৰেণু দাস, গুৰুচৰণ বৈৰাগীকে ধৰি আন কেইবাটাও পৰিয়াল বর্তমান সময়তো দালাল চক্রৰ প্রলোভনত পৰি কলকাতাত বাহৰ পাতি আছে কিডনী বিক্রীৰ বাবে ৷ এই তিনিওটা পৰিয়াল যোৱা তিনি মাহ ধৰি অন্তর্ধান হৈ আছে গাঁওখনৰ পৰা৷ শেহতীয়াকৈ এই খবৰ প্ৰচাৰ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতেই বহুজন কলকাতাৰ পৰা উভতি আহিবলৈ বিচাৰিছে ৷ আশ্চৰ্য জনক ভাবে মানব শৰীৰৰ পৰা অংগ উলিয়াই নিয়া ৰেকেটটোৰ সৈতে জড়িত হৈ আছে কলকাতাৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ হস্পিতাল খন ৷ ইয়াতে গাওখনৰ সকলো লোকৰ অংগ উলিয়াই নিয়া হৈছে বুলি গাওবাসীয়ে জানিবলৈ দিয়ে ৷
নিতুল মণ্ডলে ৪.৫ লাখ টকাত কিডনী বিক্ৰী কৰিবলৈ যোৱা বুলি প্ৰকাশ কৰাৰ লগতে ৰুণু দাসে লক্ষীমপুৰৰ এগৰাকী আত্মীয়ক কিডনী দান কৰিবলৈ যোৱা বুলি প্ৰকাশ কৰে। কিন্তু ধৰমতুলৰ কিডনী বিক্ৰী কৰা ঘটনা সংবাদ মাধ্যমত প্ৰচাৰিত হোৱা পিছতেই কলকাতাত এক প্ৰকাৰে হাহাকাৰ সৃষ্টি হয় আৰু তেওঁলোকৰ কিডনী সংৰোপন কৰাৰ পৰা বিৰত থাকি কিডনী বিক্ৰীৰ লগত জড়িত থকা ব্যক্তি সকল সেই স্থানৰ অন্তৰ্ধান হৈ পৰে।
আৰু এই সুযোগ গ্ৰহণ কৰি তেওঁলোক দুয়োজনে কিডনী বিক্ৰী নকৰাকৈ ঘৰলৈ ওভতি অহা বুলি প্ৰকাশ কৰে। তাৎপৰ্য্য পূৰ্ণ বিষয় এইয়ে যে কিডনী বিক্ৰীৰ লগত জড়িত থকা চক্ৰটো যে অকল অসমৰ মৰিগাঁও জিলাতেই সীমাবদ্ধ থকা নাই সেইয়া কিডনী বিক্ৰী কৰা ব্যক্তি সকলৰ ভাষ্যৰ পৰা পোহৰলৈ আহিছে। এই দুষ্ট চক্ৰটোৱে অভাৱ গ্ৰস্ত বহু ব্যক্তিক প্ৰলোভিত কৰি দীৰ্ঘদিনে অতি গোপনে এই বেহা চলাই আহিছে।
কিডনী দিবৰ বাবেও বহু দেওনা পাৰ কৰিব লাগে তেওলোকে মেডিকেল ব’ৰ্ডৰ পৰা অনুমোদন, কিডনী যাক দিব তেওঁৰ সৈতে সম্বন্ধ থকাৰ কথাও তথ্য সহকাৰে প্ৰমাণ কৰিব লাগে। শক্তিশালী দালাল চক্ৰটোৱে এই সকলোবোৰ সুবিধা কৰি দিয়ে। মেডিকেল ব’ৰ্ডৰ সন্মুখত তেওঁলোকে কোৱাৰ দৰেই অভিনয় কৰে। তাৰপাছত লৈ যোৱা হয় কলকাতাৰ ৰবীন্দ্ৰ নাথ চিকিৎসালয়লৈ। প্ৰথম অবস্থাত গাঁৱৰ মানুহক সেই খবৰ জানিবলৈ দিয়া নহয়। বিভিন্ন অজুহাতত তেওঁলোক ঘৰৰ পৰা ওলাই গৈ ১০-১৫দিন বাহিৰত থাকি কিডনী দি উভতি আহে। টকা কেইটা হাতত থকালৈকে সকলো ঠিকেই থাকে তাৰ পিছত আকৌ একেটাই জীৱন তেওলোকৰ । এইদৰেই বছৰৰ পিছত বছৰ ধৰি চলি আছে গাঁও খনত কিডনীৰ বেহা।
উল্লেখ্য যে এই দালাল চক্রৰ অন্যতম সদস্য নিতু দাস, প্লাৱন বৰঠাকুৰ আৰু ৰাজেশ পোদ্দাৰ বর্তমান পলাতক৷ কিডনী বিক্রী চক্রৰ সৈতে জডিত এগৰাকী মহিলা ওদালগুৰিৰ লিলিমাই বড়োক তেওঁৰ গাডীচালকক গ্রেপ্তাৰ কৰিছে ৷ আনহাতে কিডনী কাণ্ডৰ অন্যতম অভিযুক্ত ৰমেন মেধিয়েও আত্মসমর্পণ কৰিছে ৷ যোৱা ছটা বছৰৰ পৰা গাঁও খনত চলি থকা মানব অংগ বিক্ৰীৰ এই কাৰ্যৰ সম্পৰ্কে প্ৰশাসনে কোনো ভূ নোপোৱা বিষয়টোও চিন্তনীয়৷ এতিয়া আৰক্ষীয়ে ব্যাপক অনুসন্ধান আৰম্ভ কৰিছে৷ প্ৰকৃত শিক্ষা দীক্ষাৰ পোহৰ নপৰা এইখনৰ গাঁওবাসীৰ মাজত নিজৰ দেহৰ অংগ বিক্ৰী কৰি ধন ঘটাৰ কাৰ্য সম্পৰ্কে গাঁও বুঢ়া জন জ্ঞাত নোহোৱা অথবা জানিও প্ৰশাসনক নজনোৱা বিষয়টোৰ ওপৰত চিন্তা চৰ্চা কোনে কৰিব আৰু সেই মনোভাব গাঁওবাসীৰ মনৰ পৰা কোনে আঁতৰ কৰিব সেইটোহে বৰ্তমান সময়ৰ ডাঙৰ প্ৰশ্ন ৷
মৰিগাঁও জিলাৰ ধৰমতুল গাঁৱৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে জিলা উপায়ুক্ত সীমা ৰেখা ভূঞাঁই নিজেই ঘটনাৰ বুজ লোৱাৰ উদ্দেশ্যৰে ধৰমতুলত উপস্থিত হয়। জিলা উপায়ুক্ত গৰাকীয়ে ঘটনাৰ বুজ লোৱাৰ লগতে কিডনী বিক্ৰী কৰা বহু কেইজন ব্যক্তিৰো সাক্ষ্য গ্ৰহণ কৰে। সাক্ষ্য গ্ৰহণৰ অন্তত উপায়ুক্ত ভৃঞাই কয় “কিডনী বিক্ৰী কৰা ব্যক্তি সকলৰ লগত কথা বৰ্তা পাতি এটা কথা গম পোৱা গল যে এই ঘটনাটো দীৰ্ঘদিন ধৰি চলি আহিছে আৰু তেওঁলোকে স্বইচ্ছাই কিডনী বিক্ৰী কৰাটো স্পষ্ট হৈ পৰিছে।তেওঁলোকৰ অৰ্থনৈতিক দূৰৱস্থাৰ বাবে কিডনী বিক্ৰী কৰাটো কিমান দূৰ সঁচা আৰু তেওঁলোক কি কাৰণে প্ৰলোভিত হবলৈ পালে এই সন্দৰ্ভত তদন্ত কৰাৰ প্ৰয়োজন আছে।” সেয়ে সমগ্ৰ ঘটনাটোৰ ওপৰত এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছো। এই ক্ষেত্ৰত তদন্তকাৰী বিষয়া সকলে সকলো নথি পত্ৰ পৰীক্ষা কৰি তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতহে সমগ্ৰ ঘটনাটোৰ স্পষ্ট হৈ পৰিব।
লগতে পঢ়ক বিধানসভাত ঐতিহাসিক গো সুৰক্ষা বিধেয়ক উত্থাপনক লৈ ভিন্নজনৰ প্ৰতিক্ৰিয়া