ৰঙাপৰা : শোনিতপুৰ জিলাত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড। পুনৰ অন্ধবিশ্বাসৰ বলি হ’বলগীয়া হৈছে এগৰাকী মহিলা৷ ডাইনীৰ সন্দেহত ৫৩ বছৰীয়া মহিলাক নৃশংসভাৱে হত্যা কৰি মৃতদেহ হাবিৰ মাজত পুতি থয় হত্যাকাৰীয়ে৷ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং গেৰুৱাজুলিত সংঘটিত হৈছে এই আমানৱীয় কাণ্ড।

উল্লেখ্য যে চাৰি সন্তানৰ মাতৃ তথা বিধৱা লক্ষেশ্বৰী দৈমাৰী নামৰ এগৰাকী মহিলাক ডাইনীৰ সন্দেহত হত্যা কৰি হাবিৰ মাজত গোপনে পুতি থয় হত্যাকাৰীয়ে। দেওবাৰে নিশা প্ৰায় ১১ মান বজাত মহিলা গৰাকীৰ বাসগৃহত দুৰ্বৃত্তৰ এটা দলে প্ৰৱেশ কৰি মহিলা গৰাকীক লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে৷

হত্যাকাণ্ড সংঘটিত কৰি দুৰ্বৃত্তৰ দলটোৱে মহিলা গৰাকীৰ মৃতদেহ এক কিলোমিটাৰ দূৰত্বত থকা এখন হাবিৰ মাজত গাঁত খান্দি পুতি থয়৷। হত্যাকাৰীয়ে মহিলা গৰাকীৰ নাতি মোহিত দৈমাৰীকো হাত ভৰি বান্ধি হত্যা কৰাৰ চেষ্টা চলাইছিল যদি কথমপি প্ৰাণ ৰক্ষা পৰে মোহিত দৈমাৰীৰ।

সোমবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে মহিলাগৰাকীৰ নাতি মোহিতক হাত ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰাৰ পিছতে ঘটনাটি পোহৰলৈ আহে। স্থানীয় ৰাইজে ৰঙাপৰা আৰক্ষীক খবৰ দিয়াৰ লগতে মহিলা গৰাকীক গাঁৱখনত বিচাৰ খোচাৰ কৰে যদিও কোনো মহিলাগৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম নহয়। অৱশ্যে বহু সময়ৰ পিছত আৰক্ষী আৰু ৰাইজে মহিলাগৰাকীৰ মৃতদেহ হাবিৰ মাজত উদ্ধাৰ কৰে।

ইফালে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অদিতি গগৈ ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ মাটিৰ পৰা খান্দি উলিয়াই। ৰাইজে মহিলাগৰাকীক ডাইনীৰ সন্দেহত হত্যা কৰা বুলি সন্দেহ কৰিছে। ইয়াৰ পূৰ্ৱেও মহিলাগৰাকীক ডাইনী সন্দেহ কৰি বিভিন্ন ধৰণৰ অত্যাচাৰ চলোৱা হৈছিল বুলি একাংশ লোকে জানিবলৈ দিয়ে। মহিলাগৰাকীৰ হত্যাকাণ্ডৰ লগত জড়িত লোক সকলক অতি শীঘ্ৰে আটক কৰিবলৈ দাবী জনাইছে ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply