নিউজ ডেস্ক : অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু আৰু কেন্দ্ৰীয় ক্ৰীড়া তথা যুৱ পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ বিৰুদ্ধে এজাহাৰ দাখিল। বৃহস্পতিবাৰে ৰাজ্যখনৰ ৪ টা বিৰোধী দলৰ ৭ গৰাকী নেতাই মুখ্য মন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।  

নেতা কেইজনৰ অভিযোগ মতে পেমা খাণ্ডু আৰু কিৰেন ৰিজিজুয়ে ভাৰতীয় সংবিধানকে ধৰি বহু কেইখন আইনৰ ‘ইচ্ছাকৃত অমান্যকৰণ’ কৰাৰ লগতে অবৈধভাৱে ৰাজ্যখনৰ ভূখণ্ড সলনি কৰিবলৈ চেষ্টা চলাইছিল।

এজাহাৰখনত উল্লেখ কৰা মতে, যোৱা ১৭ জুনত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সীমান্ত পথ সংস্থাৰ দ্বাৰা নিৰ্মিত ২০ কিঃ মিঃ দৈৰ্ঘ্যৰ কিমিন-পোটিন পথ তথা অন্য ১১ টা প্ৰকল্পৰ উদ্ধোধনী অনুষ্ঠানত অৰুণাচলৰ পাপুম পাৰে জিলাৰ কিমিন অঞ্চলক অসমৰ ‘বিলগঢ়’ বুলি ‘নামাংকিত’ কৰা হৈছিল।

লগতে পঢ়ক : আলোচনাৰ মেজলৈ আহিবলৈ হ’লে আলফাই স্বাধীন অসমৰ দাবী বাদ দিব লাগিব : মুখ্য মন্ত্ৰী

এই কাৰ্য্যৰ জৰিয়তে খাণ্ডু আৰু ৰিজিজুয়ে অৰুণাচল প্ৰদেশ ষ্টেটহুদ এক্ট ১৯৮৭, বেংগল ইষ্টাৰ্ন ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন অৱ ১৮৭৩ (ৰেষ্ট্ৰিক্টেড এৰিয়া পাৰ্মিট) আৰু অৰুণাচল প্ৰদেশ (লেণ্ড চেটেলমেণ্ট এণ্ড ৰেক’ৰ্ড) এক্ট ২০০০ উলংঘন কৰাৰ লগতে ভাৰতীয় সংবিধানৰ ৩ নং অনুচ্ছেদৰ অৱমাননা কৰে বুলি তেওঁলোকে অভিযোগ কৰে।

এজাহাৰখনত তেওঁলোকে উল্লেখ কৰা মতে, পথৰ উদ্বোধনী অনুষ্ঠানটোৰ বাবে ‘কিমিন-অৰুণাচল প্ৰদেশ’ বুলি আগৰ পৰা লিখা থকা ফলক আৰু আধাৰশিলা সমূহত ইচ্ছাকৃতভাৱে বগা ৰং মাৰি ঢাকি দিয়া হৈছিল। এই কথায়ে স্থানীয় বাসিন্দাসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰা বুলি এজাহাৰখনত কোৱা হয়।

উদ্বোধনী অনুষ্ঠানৰ পিছতো আনকি ইয়াক থিক কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰি বৰঞ্চ বি আৰ অ’ৰ ফালৰ পাপুম পাৰেৰ জিলা উপায়ুক্তলৈ দিয়া আভাস পত্ৰত ‘কিমিন’ক ‘বিলগঢ়’ হিচাপে দেখোৱা হয় বুলি তেওঁলোকে অভিযোগ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply