ৰূপহীহাট : নগাঁও জিলাৰ চাপানলাত ১৬ ফুট দৈৰ্ঘ্যৰ দূষ্প্ৰাপ্য প্ৰজাতিৰ ৰজা ফেঁটী সাপ উদ্ধাৰ। দুষ্প্ৰাপ্য প্ৰজাতিৰ সাপটোক কেন্দ্ৰ কৰি শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা যায় নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী চাপানালাৰ এটি অঞ্চলত।
প্ৰায় ১৬ ফুট দৈঘ্যৰ ৰজা ফেঁটী সাপ প্ৰত্যক্ষ কৰি প্ৰথম অৱস্থাত ৰাইজৰ মাজত হৈ চৈ লাগে চাপানালাৰ জীয়াজুৰি চাহ বাগিছাত। বাগিছাখনৰ কৰ্মৰত আতংকগ্ৰস্ত চাহ শ্ৰমিক সকলে খবৰ দিয়ে স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাক। দুলু বৰা ততাতৈয়াকৈ বাগিছাখনত উপস্থিতহৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুষ্প্ৰাপ্য ৰজা ফেঁটী সাপ ডাল আৰু লগে লগে অন্ত পৰে চাঞ্চল্যৰ।
অৱশ্যে পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা ৰজা ফেঁটী সাপ ডাল দুলু বৰাই কেইবাজনো স্থানীয় যুৱকৰ সহযোগত চোৰাং সংৰক্ষিত বনাঞ্চলৰ এটি দুৰ্গম অঞ্চলত মুকলি কৰি দিয়ে। উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি চাপানালাৰ দুলু বৰা নামৰ যুৱকজন বন্যপ্ৰাণী সুৰক্ষা তথা উদ্ধাৰৰ সৈতে জড়িত হৈ অহাৰ উপৰিও শেহতীয়াকৈ হস্তী-মানৱৰ সংঘাত নিৰ্মূলৰ বাবে শ’ শ’ বিঘা ধান খেতি কৰি ২০১৯ বৰ্ষৰ মুখ্যমন্ত্ৰী সামূহিক কৰ্ম বটাঁ লাভ কৰিবলৈও সক্ষম হৈছিল।