গুৱাহাটী : কাছাৰৰ লাইলাপুৰত অসম-মিজোৰাম সীমান্তত সোমবাৰে দুৰ্বৃত্তৰ গুলীত অসম আৰক্ষীৰ ৬ জনকৈ জোৱানৰ লগতে এজন নিৰীহ লােকে প্রাণ আহুতি দিব লগা হােৱা আৰু ৭০ জনতকৈও অধিক লােক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হােৱাৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্ৰমণৰ ২৪ ঘণ্টাৰ পাছতে অসম-মিজোৰাম সীমান্তত অসম আৰক্ষীৰ এটা বৃহৎ দল আৰু সৰ্বসাধাৰণ লােকৰ ওপৰত অত্যধুনিক মাৰনাস্ত্ৰৰে দুবৃত্তই বর্বৰােচিতভাৱে চলােৱা আক্ৰমণৰ ঘটনাই মুখ্যমন্ত্রী তথা গৃহমন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গৃহ বিভাগ পৰিচালনাত ব্যর্থ হৈছে এই কথাই স্পষ্ট কৰিছে বুলি এক বিবৃতিযোগে কয় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
দীর্ঘদিন ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আন্তঃৰাজ্যিক সীমা বিবাদক কেন্দ্ৰ কৰি চলি থকা সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰে কোনাে ধৰণৰ গুৰুত্ব প্রদান নকৰাৰ ফলতে লাইলাপুৰত এই ধৰণৰ দুর্ভাগ্যজনক ঘটনা সংঘটিত হ’ল বুলিও বিবৃতিত উল্লেখ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সীমান্তবাসী ৰাইজৰ দুখ দুর্দশাৰ প্ৰতি চৰকাৰ কোনােপধ্যেই সংবেদনশীল নহয়। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত সীমা বিবাদ মীমাংসাৰ প্ৰচেষ্টাৰ নামত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে কেৱল নাটক কৰি আহিছে। ৭ জনকৈ লােকে ছহিদীবৰণ কৰা আৰু ৭০ জনতকৈও অধিক আঘাতপ্রাপ্ত হােৱাৰ পিছতাে অসমৰ মুখ্যমন্ত্রী টুইটাৰ আৰু ভীমৰ বচন আওৰাতেই সীমাবদ্ধ আছে বুলিও কয় সংগঠনটোৱে।
নেডাৰ আহ্বায়ক হােৱাৰ পিছতাে মন্ত্রীগৰাকীয়ে দুই বিজেপি শাসিত ৰাজ্যৰ মাজত শান্তিপূর্ণ সমাধানৰ পথ উলিওৱাত ব্যৰ্থ হৈছে। প্ৰেছ বিবৃতিৰ জৰিয়তে কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰা আৰু সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ, মুকুট ডেকাই এই ঘটনা দুর্ভাগ্যজনক আৰু মর্মান্তিক বুলি গভীৰ উদ্বেগ প্রকাশ কৰি নিহত আৰু আহত সকলােৰে শােক সন্তপ্ত প্রতিটো পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আঘাতপ্রাপ্তসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে আশুআৰােগ্য কামনা কৰিছে। অসমৰ চৰকাৰৰ গৃহ বিভাগৰ গুৰুত্বহীনতাৰ বাবে, গৃহমন্ত্ৰীৰ মনােযােগহীনতাৰ বাবেই অসমৰ সীমান্তত পুনৰ হিংসা বৃদ্ধি পাইছে বুলিও উল্লেখ কৰে।
লগতে পঢ়ক : অসম-মিজোৰামৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ বাবে অৰ্ধ সামৰিক বাহিনীক দোষাৰোপ মিজোৰামৰ
চৰকাৰে বৈঠকৰ নামত বৈঠক কৰি থাকে যদিও সীমা সমস্যা সমাধানৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ, অসম-মিজোৰাম চৰকাৰ ব্যর্থ হােৱা বুলি সংগঠনটোৱে অভিযােগ উত্থাপন কৰে।আৰক্ষীৰ জোৱানসাধাৰণ ৰাইজৰ তেজেৰে সীমান্ত ৰাঙলি হােৱাৰ এই ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি গৃহমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই শীঘ্ৰে পদত্যাগ কৰক। কেন্দ্রীয় চৰকাৰে অতিশীঘ্ৰে সীমান্ত অঞ্চলসমূহৰ আগ্রাসন ৰােধৰ বাবে ব্যৱস্থা গ্রহণ কৰাৰ দাবী জনায় সংগঠনটোৱে।