গুৱাহাটী : ‘অসমক ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্যৰূপে প্ৰতিষ্ঠাৰ সপোন’, এই বিষয়কলৈ মুকলি প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। জাতীয় শ্বহীদ মুক্তিনাথ গোৱালাৰ সোঁৱৰণত সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা হৈছে এই প্ৰবন্ধ প্ৰতিযোগিতা।
কৃষক মুক্তি সংগ্রাম সমিতি, অসমৰ উদ্যোগত আৰু চাহ শ্ৰমিক মুক্তি সংগ্রাম সমিতি, নাৰী মুক্তি সংগ্রাম সমিতি, ছাত্ৰ মুক্তি সংগ্রাম সমিতি, অসমৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰপ্ৰাপ্তৰ লগতে যোগ্য বিবেচিত হোৱা সকলৰ প্ৰবন্ধসমূহক লৈ এখন গ্ৰহণ প্ৰকাশিত কৰা হ’ব।
আৰু পঢ়কঃ সোমবাৰৰ দিনটোত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ৪২,৬৪০ জন লোক
প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ ১ লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৫০ হাজাৰ টকা। পুৰস্কাৰৰ ধনৰাশি আগবঢ়াব কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান সমবায় সমিতি লিমিটেডে। প্ৰবন্ধ সমূহ অসমীয়া, ইংৰাজী আৰু বাংলা ভাষাত প্ৰেৰণ কৰিব লাগিব।