গুৱাহাটী : নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু পেট্ৰ’লিয়ামজাত সমগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবীত মহানগৰী গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদী সকলে হাতে হাতে ফ্লেগ,বেনাৰ আদি লৈ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মা হাই হাই, যোগান বিভাগ হাই হাই বিজেপি চৰকাৰ গ’ বেক, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক আদি শ্ল’গানেৰে ধৰ্ণাস্থলী উত্তাল কৰি তোলে।

উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত বিজেপি দলে ভাল দিনৰ কথা কৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সুলভ মূল্যত লাভ কৰিব বুলি কৈ ৰাইজৰ সমৰ্থন লৈ চৰকাৰ গঠন কৰিছে। চৰকাৰ গঠন কৰাৰ পিছতো বিজেপি চৰকাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি পেট্ৰ’লিয়ামজাতীয় সমগ্রীৰ মূল্য দুগুণ বৃদ্ধি কৰে বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে। নৃত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চাৰকাৰখনে জনসাধাৰনক ৰাম টাঙোন সোধাইছে বুলিও কয় প্ৰতিবাদকাৰী সকলে।

লগতে পঢ়ক : মৰাণত ভেকচিন দিবলৈ অভিযানত নামিল জিলা উপায়ুক্ত

অনাকাংশিক মূল্যবৃদ্ধিয়ে দৰিদ্ৰ লোকৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। শীঘ্ৰেই শুই থকা যোগান বিভাগক সক্ৰিয় কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি সুলভ মূল্যত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ ওচৰত দাবী জনাইছে। অন্যথা আগন্তক দিনত বৃহৎ গণআন্দোলণ গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply