গুৱাহাটী: মহানগৰী চচলত আজি জাতীয় বীৰ শ্বহীদ প্ৰণৱ বড়োৰ অষ্টম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি এখনি প্ৰতিবাদী সভা আয়োজন কৰা হয়। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজন কৰা প্ৰতিবাদী সভাত পতাকা উত্তোলন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি দেবেন শৰ্মাই।

ইয়াৰ পিছত শ্বহীদ প্ৰণৱ বড়োৰ প্ৰতিচ্ছবিত বন্তি প্ৰজনল কৰি মাল্য অৰ্পণ কৰে শ্বহীদ গৰাকীৰ পত্নী পূৰ্ণিমা বড়োৱে। পুষ্পঞ্জলি প্ৰদান কৰি পূৰ্ণিমা বড়োৱে স্বামীৰ স্মৃতিত উচুপি উঠে। স্বামীৰ দাবী গুৱাহাটী বাসীক মাটিৰ পত্তা দিয়া কাৰ্য কাৰ্যকৰী কৰিবলৈ পূৰ্ণিমা বড়োৱে চৰকাৰৰ ওচৰত দাবী জনায়।
আঠ বছৰ পূৰ্বে মাটিৰ পত্তা দিয়াৰ দাবীত কৃষক নেতা প্ৰণৱ বড়োৱে জনতা ভৱনৰ সন্মুখত আত্মজাহ দিছিল। প্ৰণৱ বড়োৰ মৃত্যুৰ পিচতো ৰাজ্য চৰকাৰে ভূমিহীনক মাটি পত্তা প্ৰদান নকৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক্ষোভ প্ৰকাশ কৰে।

অতিশীঘ্ৰে গুৱাহাটী বাসীক ভূমি পত্তা প্ৰদানৰ দাবী জনায় সভাপতি দেবেন শৰ্মাই। ইপিনে গুৱাহাটী ৰেল ষ্টেচনৰ নামত আবন্তিত ৫৮ বিঘা মাটি পুঁজিপতিক প্ৰদান কৰা কাৰ্যক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ বিৰোধীতা কৰে। হস্তান্তৰ কৰা ভূমি খিনি পুনৰ উভতাই অনাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে। অন্যথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ বিৰুদ্ধে বৃহৎ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।

লগতে পঢ়ক- অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ভাস্কৰ দাহালৰ পদত্যাগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply