সোণাৰি : কোঁচ-ৰাজবংশী জনগোষ্ঠীক কংগ্ৰেছ-বিজেপি প্ৰতিখন চৰকাৰে ললিপপ দি প্ৰতাৰণা কৰিলে বিগত সময়ত। ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ কোঁচ ৰাজবংশী লোকসকলে ৰাজনৈতিক ভাৱে প্ৰত্যাহ্বান জনাব চৰকাৰক। চৰকাৰে কোঁচ-ৰাজবংশী সকলক যদি শীঘ্ৰেই জনজাতিকৰণ নকৰে তেনেহলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।
এই মন্তব্য সদৌ অসম কোঁচ- ৰাজবংশী সন্মিলনীৰ সভাপতি তথা উন্নয়ন পৰিষদৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ণৰ। চৰাইদেউ জিলাৰ সদৰ সোণাৰিত পোন প্ৰথমবাৰৰ উপস্থিত হৈ এই মন্তব্য কৰে কোঁচ- ৰাজবংশী সন্মিলনীৰ সভাপতি তথা উন্নয়ন পৰিষদৰ অধ্যক্ষগৰাকীয়ে। সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যলয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি তেখেতে কয়, কোঁচ ৰাজবংশী সকলক জনজাতি কৰণৰ নামত দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি আহিছে প্ৰতিখন চৰকাৰে।
জনজাতিকৰণৰ নামত চৰকাৰে জনগোষ্ঠীটোক ললিপপহে দিছে দীৰ্ঘদিনে। সমগ্র বিষয়টো এতিয়া নিৰ্বাচনী ইচ্ছ্যুত পৰিণত হৈছে। সেয়েহে ৰাজ্যৰ কোঁচ ৰাজবংশী লোকসকলক একগোট কৰি ৰাজনৈতিক ভাৱে সংগঠিত কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আনহাতে শীঘ্ৰেই যদি কোঁচ ৰাজবংশী সকলৰ উন্নয়নৰ বাবে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেতিয়া হলে জনগোষ্ঠীটোৰ উন্নয়ন তথা জনজাতিকৰণৰ দাবীত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব।
উল্লেখ্য যে আজিৰ সভাখনত সদৌ অসম কোঁচ- ৰাজবংশী সন্মিলনীৰ সভাপতি তথা উন্নয়ন পৰিষদৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ণৰ লগতে কাৰ্যকৰী সভাপতি ভোলা বৰা, উপ সভাপতি ৰাতুল ভৰালীৰ লগতে শিৱসাগৰ, নাজিৰা, চৰাইদেউ আদিৰ যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰে। আনহাতে এই সভাখনতে সিদ্ধাৰ্থ দত্তক সভাপতি, ৰাজীৱ দত্ত বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ চৰাইদেউ জিলা কোঁচ-ৰাজবংশী সন্মিলনীৰ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়।
লগতে পঢ়ক- নগাঁৱৰ জুৰীয়াত বনৰীয়া হাতীৰ উপদ্ৰৱ; দুজন আহত