গুৱাহাটী : কইনাধৰা পুনৰ ৰাজ্যিক অতিথিশালা হিচাপে ব্যৱহৃত হ’ব৷ প্ৰধানমন্ত্ৰীকে ধৰি যিসকল অতিথি আহিব এতিয়াৰে পৰা তেওঁলোকক আতিথ্য দিয়া হ’ব কইনাধৰাত৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা।
ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ব্ৰহ্মপুত্ৰ হোটেলৰ পিছফালে থকা অতিথিশালা বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে। ব্ৰহ্মপুত্ৰ হোটেলৰ পিছফালে থকা অতিথিশালাও ২০২২ৰ পৰা ৰাজ্যিক অতিথিশালা হিচাপে ব্যৱহৃত হ’ব৷
লগতে পঢ়ক : খাৰঘুলীত নিৰ্মমভাৱে এগৰাকী ১৪ বছৰীয়া কিশোৰীক হত্যা
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমলৈ আহিলে তেওঁ ব্যৱহাৰ কৰা ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাতে তেওঁক ৰখা হ’ব৷ তেওঁ চৰকাৰী কাম-কাজো ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাৰ পৰাই চলাব পাৰিব৷ তেওঁ নথকা অৱস্থাত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা ব্যৱহৃত হ’ব চৰকাৰী কাম-কাজত।