কোকৰাঝাৰ- নিৰ্বাচনৰ পূৰ্বে কোকৰাঝাৰৰ বিছমুৰীত মাৰণাস্ত্ৰ উদ্ধাৰ। মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ দুটা একে ৫৬ চিৰিজৰ ৰাইফল, এটা ৰিভলভাৰ। কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাৰ নেতৃত্বৰ এটা আৰক্ষীৰ দলে অভিযান চলাই উদ্ধাৰ কৰে অত্যাধুনিক মাৰণাস্ত্ৰখিনি।

মাৰণাস্ত্ৰ উদ্ধাৰৰ সন্দৰ্ভত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে অৱগত কৰে।

কোকৰাঝাৰ আৰক্ষীয়ে এক সংবাদমেল সম্বোধন কৰি এই বিষয়ে অৱগত কৰে। সংবাদমেলত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশান , অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভা , উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথ ।

আগন্তুক বিধানসভা নিৰ্বাচন শান্তি পূৰ্ণ ভাৱে অনুষ্ঠিত কৰি তোলাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা লোৱা হ’ব বুলি আৰক্ষীয়ে জনাইছে।

উদ্ধাৰকৃত অস্ত্ৰখিনি প্ৰাক্তন উগ্ৰপন্থীৰ বুলি প্ৰকাশ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান ড° এল আৰ বৈষ্ণইৰ। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে এতিয়ালৈকে ৮০ টা অস্ত্ৰ উদ্ধাৰ কৰিছে। এন ডি এফ বিৰ দুৰ্ধৰ্ষ নেতা এম বাথাৰ নেতৃত্বত ৩০জনৰো অধিক সদস্য থকা উগ্ৰপন্থীৰ এটা দলে বনাঞ্চলত বাহৰ পাতি থকাৰো বিস্ফোৰক তথ্য সদৰী কৰিছে বিষয়াগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply