কোকৰাঝাৰ : কোকৰাঝাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অহা ৩ বছৰৰ ভিতৰত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ক উন্নীতকৰণ কৰা হ’ব বিশ্ববিদ্যালয় হিচাপে আৰু অহা দুবছৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আন এটা শাখা আৰম্ভ কৰা হ’ব ওদালগুৰিত বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।
বিটিআৰৰ বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আন এটা শাখা ওদালগুৰিত আৰম্ভ কৰাৰ ঘোষণা কৰে। বিটিআৰৰ দ্ৰুত উন্নয়ন আৰু প্ৰগতিৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে।
লগতে পঢ়ক : ৭ বছৰীয়া নাবালিকাক ধৰ্ষণ; দোষীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়
অহা ১৫ আগষ্ট ২০২৩ ৰ ভিতৰত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন সম্পূৰ্ণ কৰি ৰাইজৰ সেৱাৰ বাবে সাজু কৰি তোলা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানটোত জানিবলৈ দিয়ে।