কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা উপাযুক্ত কাৰ্য্যালয়ত ঘটিছে এক আজৱ ঘটনা। জিলা উপাযুক্ত বৰ্ণালী ডেকাই এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। 

দীপক দাস নামৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰাকীক ভৰ্তি কৰা হৈছে কোকৰাঝাৰৰ আৰ এন বি চিকিৎসালয়ত। দুপৰীয়া আহাৰৰ টিফিনটো বেগৰ ভিতৰত ভৰাই লৈ নহাৰ বাবে উপায়ুক্ত বৰ্নালী ডেকাই কৰ্মচাৰী দাসক শাৰীৰিক ভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ্য যে, আই এ এছ বিষয়া বৰ্ণালী ডেকাই ইয়াৰ পূৰ্বেও কাৰ্যালয়ৰ কৰ্মচাৰী সকলক মানসিক হাৰাশাস্তি আৰু দমন নীতি চলাই থকা সময়ে সময়ে অভিযোগ উত্থাপন হৈ আছিল ৷

সম্প্ৰতি কৰ্মচাৰী দীপক দাসৰ পৰিয়ালে সমগ্ৰ ঘটনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ন্যায় বিচাৰি কাতৰ আহ্বান জনাইছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply