কোকৰাঝাৰঃ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউন্টাৰ। কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰত নিহত দুজন। নিহত দুজন নৱ গঠিত ULBৰ সদস্য বুলি সন্দেহ।
নিহত লোক দুজন জনচাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্ম। দুয়োকে শুকুৰবাৰে ছেৰফাংগুৰি থানাই গ্ৰেপ্তাৰ কৰিছিল।
আনহাতে, ‘এইয়া এক ভুৱা এনকাউণ্টাৰ’ বুলি পৰিয়াল আৰু গাঁওবাসীয়ে গুৰুতৰ অভিযোগ বুলি উত্থাপন কৰিছে পৰিয়ালৰ লোকে।
লগতে পঢ়কঃগোলাঘাটতো চাহ জনগোষ্ঠীয় লোকসকলে উদযাপন কৰিলে কৰম পূজা
পৰিয়ালৰ লোকে কালিৰ দিনটোতে থানালৈ গৈ তেওঁলোকৰ সৈতে কথা পাতি আহিছিল বুলি জনচাৰৰ দেউতাকে জানিবলৈ দিয়ে। ইয়াৰ পিছত শনিবাৰৰ পুৱা দুয়োজনক হাবিৰ মাজত নি আৰক্ষীয়ে গুলীয়াই হত্যা কৰে বুলি অভিযোগ কৰে জনচাৰ মুছাহাৰীৰ দেউতাকে।
গাওঁবাসীয়ে সংবাদমাধ্যমৰ আগত জনোৱা মতে জনচাৰ মুছাহাৰী আগতে এন ডি এফ বিত আছিল আৰু তেওঁ আত্মসমপৰ্ণ কৰি বৰ্তমান কাঠৰ ব্যৱসায় কৰি আছিল।
নতুনকৈ গঠন হোৱা ULBৰ সৈতে জড়িত থকাৰ সন্দেহত তেওঁক উঠাই নি ভুৱা সংঘৰ্ষৰ সৃষ্টি কৰি হত্যা কৰিছে বুলি গাওঁবাসীয়ে সংবাদমাধ্যমৰ আগত কয়।
অসম আৰক্ষীৰ ফালৰ পৰা বিশেষ ডিজিপি জিপি সিঙে টুইট যোগে প্ৰকাশ কৰা মতে আজি পুৱা কোকৰাঝাৰ জিলাৰ উল্টাপানী এলেকাত নতুনকৈ গঠন হোৱা উগ্ৰপন্থী গ্ৰুপ ইউ এলবি এটা কেম্প ধ্বংস কৰা হয় । এই ঘটনাত পুলিচৰ সৈতে হোৱা সংঘৰ্ষত দুজন কেডাৰ নিহত হৈছে । আৰক্ষীয়ে দুটা পিষ্টল আৰু গ্ৰেনেড উদ্ধাৰ কৰিছে ।