কোকৰাঝাৰঃ ৰাজ্যত চলি থকা সান্ধ্য আইনৰ মাজতে কোকৰাঝাৰত সংঘটিত হয় নৃশংস হত্যাকাণ্ড।
বুধবাৰে নিশা ১০ বজাত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণত কৰে এজন ঠিকাদাৰক।
গুৰুতৰভাৱে আহত ঠিকাদাৰজনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
আৰু পঢ়কঃবানাক্ৰান্তসকললৈ তাৎক্ষণিকভাৱে সাহায্য প্রদানৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রীৰ নির্দেশ
নিহত ঠিকাদাৰজনৰ নাম শিবু প্ৰসাদ ব্ৰহ্ম (৪৮)।
ইতিমধ্যে আৰক্ষীয়ে তদন্ত চলাই ঘটনাৰ লগত জড়িত এজনক আটক কৰিছে।
এই ঘটনা সন্দৰ্ভত সমগ্ৰ জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।