কোকৰাঝাৰ জিলাৰ ৰায়মোনা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আৰু বন বিভাগৰ কৰ্মচাৰীৰ সংঘৰ্ষ।
চোৰাং চিকাৰীৰ আক্ৰমনত দুগৰাকী বন কৰ্মচাৰী আহত হয়। ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম ৰেঞ্জ এলেকাত সংঘটিত হয় । এই ঘটনাত আহত হয় বনকৰ্মী ক্ৰমে জয়নাথ নাৰ্জাৰী আৰু ৰনেন্দ্ৰ ওৱাৰী।


মূৰত গুৰুতৰ ৰূপে আঘাতপ্ৰাপ্ত আহত দুজন বন কৰ্মী সম্প্ৰতি কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অভিযানৰ সময়তে বন বিভাগৰ লোকে কৰায়ত্ব কৰিবলৈ সক্ষম হয় অনন্ত বসুমতাৰী নামৰ এজন চোৰাং চিকাৰীটোক। পূৰ্বতে আত্মসমপৰ্ণ কৰিছিল এই চোৰাং চিকাৰীটোৱে।
বন কৰ্মীৰ দলে নিয়মিত টহল দি থকা সময়তে সাত-আঠ জনীয়া চোৰাং চিকাৰীৰ সৈতে মুখামুখি হয় আৰু চোৰাং চিকাৰীয়ে বন কৰ্মীক খুকৰি ৰে আক্ৰমন কৰে। বাকী চোৰাং চিকাৰী বোৰ পলাই যাবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply