গছত চিপজৰী লোৱা ঘটনাত পাঁচজনক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰীৰ ভ্ৰমনৰ পিছতেই কোকৰাঝাৰৰ অভয়াকুটিত ৰহস্যজনকভাৱে গছত চিপজৰী লোৱা অৱস্থাৰ পৰা দুইভগ্নীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত কোকৰাঝাৰ আৰক্ষীয়ে পাঁচগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছে ।

গ্ৰেপ্তাৰ কৰা লোক‌কেইজন ক্ৰমে জিলাখনৰ শালবাৰীৰ জাহানুৰ ইছলাম (২৩) , মোজাম্মেল শ্বেখ (২০), হৰিৰদোলৰ আতাফ আলি (২৬) , সুতীপাৰাৰ শংকৰদেৱ বৰ্মন(২৭) আৰু ধুবুৰী জিলাৰ চাপৰ নিউ হাতিপোতাৰ হানিফ শ্বেখ(২০)বুলি জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰে জানিবলৈ দিছে ।

কোকৰাঝাৰ সদৰ থানাত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰে জনোৱা মতে গোচৰটোৰ তদন্ত দ্ৰুতগতিতত আগবাঢ়ি আছে আৰু সকলো সম্ভাৱনীয়তাক গোচৰৰ আওঁতালৈ অনা হৈছে । ইতিমধ্যে কেবাগৰাকী লোকক থকা সোধপোছা কৰা হৈছে ।

মৰণোত্তোৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়ালৈকে অহা নাই আৰু গোটেই ঘটনাটো বিজ্ঞানসন্মতভাৱে তদন্ত কৰা হ’ব বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ।

ইপিনে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আৰক্ষীয়ে উক্ত ঘটনাটোৰ তদন্ত কৰি আছে আৰু উক্ত ঘটনাটো আত্মহত্যা নে হত্যা সেয়া তদন্তত ওলাই পৰিব বুলি মন্তব্য কৰিছে । ভৱিষ্যতে যাতে গ্ৰামাঞ্চলৰ লোকসকলে নিৰাপত্তাহীনতাত ভূগিব লগা নহয় আৰু এনে দূৰ্ভাগ্যজনক ঘটনা সংঘটিত নহয় তাৰ বাবে কাৰ্যব্যৱস্থা লোৱা হ’ব বুলি সদৰি কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।
আজি পৰিয়ালটোক সাক্ষাত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোধৰনৰ সহায় কৰাৰ আশ্বাস দিয়াৰ লগতে পৰিয়ালটোৰ সৈতে চৰকাৰে সহযোগ কৰিব বুলি কয় ।

লগতে পঢ়ক অভয়াখুটিৰ দুই কিশোৰীৰ ৰহস্যজনক মৃত্যু হোৱা পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply