তেজপুৰ : দহ চকীয়া ট্ৰাক দলঙৰ ৰেলিং ভাঙি নদীত পৰিছিল। এনএল-০১-কে-৩৫৫৩ নম্বৰৰ দহ চকীয়া ট্ৰাক এখনে কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰ নদীত পৰিছিল। বৰ্তমানেও সন্ধানহীন হৈ আছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন।
কলীয়াভোমোৰা দলঙত সংঘটিত হৈছিল এক ভয়ংকৰ দুর্ঘটনা। কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰ নদীত এখন ট্ৰাক পৰাৰ সন্দেহ কৰা হৈছিল।সোমবাৰে পুৱতি নিশা কলীয়াভোমোৰা দলঙত এই ভয়ংকৰ দুর্ঘটনা সংঘটিত হৈছিল।
অৱশেষত দুর্ঘটনাত পতিত হৈ ব্ৰহ্মপুত্ৰ নদীত পৰা ট্ৰাকখনৰ সন্ধান ওলাল।এনএল-০১-কে-৩৫৫৩ নম্বৰৰ এখন দহ চকীয়া ট্ৰাক পৰিছিল ব্ৰহ্মপুত্ৰ নদীত। নদীত পৰা ট্ৰাকখনৰ সন্ধান ওলাইছে যদিও এতিয়াও ছ সন্ধানহীন হৈ আছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন।
লগতে পঢ়ক : অসম-অৰুণাচল প্ৰদেশ সীমান্তত গুলী চালনা
অৱশ্যে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ পৰিচয় জানিব পৰা গৈছে। ট্ৰাকখনৰ চালকজন জামুগুৰিৰ আগৰিপামৰ ৰাজীৱ বিশ্বকৰ্মা আৰু হেণ্ডিমেনজন বিহালীৰ ৰঙাচালিৰ অমিত ডনাৰ। উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত আছে বুলি জানিব পৰা গৈছে।