গুৱাহাটী – অৱশেষত কলকাতাত বুধবাৰে গ্ৰেপ্তাৰ হ’ল বুদ্ধিজীৱি গৰ্গ চেটাৰ্জী। স্বৰ্গদেও চাওলুং চুকাফাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত কলকাতা আৰক্ষীয়ে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি কলকাতাৰ আদালতত হাজিৰ কৰে । অৱশ্যে গৰ্গ চেটাৰ্জীক চৰ্ত সাপেক্ষে জামিনো প্ৰদান কৰে আদালতে। দুবছৰ পূৰ্বেই ৰুজু কৰা এক গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ হয় গৰ্গ চেটাৰ্জী।

সেই বিতৰ্কিত টুইটটো

উল্লেখ্য যে অহা ১৭ ছেপ্টেম্বৰত কামৰূপ মেট্ৰ’ৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ হোৱাৰ চৰ্ত সাপেক্ষেহে জামিন মঞ্জুৰ কৰে কলকাতা আদালতে। স্মৰ্তব্য, গৰ্গ চেটাৰ্জীয়ে অসমত আহোম ৰাজবংশ প্ৰতিষ্ঠা কৰা স্বৰ্গদেও চাওলুং চুকাফাৰ বিৰুদ্ধে কেতবোৰ আপত্তিজনক মন্তব্য কৰিছিল। ইয়াৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ শাখাই ২০২০ চনৰ অক্টোবৰত গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে এটা Suo Moto Case (10/2020) পঞ্জীয়ন কৰিছিল। অধিবক্তা বনশ্ৰী গগৈয়েও গৰ্গ চেটাৰ্জীৰ মন্তব্যৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। ইয়াৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন লেখ আবেদনৰ শুনানিৰ সময়ত (Case No 3637/2020) কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে।

গৰ্গ চেটাৰ্জী

উল্লেখ্য যে ২০২০ চনৰ জুন মাহত অসমৰ ডিব্ৰুগড়ত গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে আহোম সম্প্ৰদায়ক অপমান কৰাৰ অভিযোগত এক এজাহাৰ দাখিল কৰা হৈছিল। আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল চাওল্যুং চুকাফাক গৰ্গ চেটাৰ্জীয়ে তেওঁক “চীনা আক্ৰমণকাৰী” বুলি কটাক্ষ কৰিছিল। সেই সময়ত বিজেপিক সমালোচনা কৰাৰ প্ৰসঙ্গত চেটাৰ্জীয়ে এনেদৰে কটু মন্তব্য কৰিছিল। ইয়াৰ পিছতে অসমত তেওঁৰ বিৰুদ্ধে এক বৃহৎ ক্ষোভৰ সৃষ্টি হয় আৰু এই অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল হয়।

বিগত ১৫ জুনত গোচৰটোৰ শুনানিৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে পশ্চিম বংগৰ মুখ্য সচিব আৰু কলকাতাৰ আৰক্ষী আয়ুক্তক উত্তৰ দিবলৈ ছয় সপ্তাহৰ বাবে সময় বান্ধি দিছিল। এই নিৰ্দেশৰ পিছতে অৱশেষত কলকাতা আৰক্ষীয়ে বুধবাৰে কলকাতাত গ্ৰেপ্তাৰ কৰে গৰ্গ চেটাৰ্জীক আৰু আদালতত হাজিৰ কৰায়।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আৰক্ষীক তেওঁৰ আপত্তিজনক মন্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। গ্ৰেপ্তাৰ হোৱাৰ আশংকাত চেটাৰ্জীয়ে ২০২০ চনৰ আগষ্টত আহোম সম্প্ৰদায়ৰ ওচৰত চৰ্তহীন ক্ষমাও বিচাৰিছিল।

YouTube video
অসমৰ ৰাইজক ক্ষমা বিচাৰি গৰ্গ চেটাৰ্জীয়ে পোষ্ট কৰা ভিডিঅ’টো

”মই অসমৰ জনসাধাৰণ আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত ক্ষমা বিচাৰিছো, অনুগ্ৰহ কৰি মোৰ চৰ্তহীন ক্ষমা প্ৰাৰ্থনা স্বীকাৰ কৰক।‘’ – চেটাৰ্জীয়ে তেতিয়া এনেদৰে ক্ষমাভিক্ষা কৰাৰ পিছতো আহোম সম্প্ৰদায় আৰু অসমৰ স্থানীয় সংগঠনসমূহে এই ক্ষমা প্ৰাৰ্থনা স্বীকাৰ নকৰি তেওঁৰ গ্ৰেপ্তাৰৰ বাবে গোচৰ অব্যাহত ৰাখে। ইয়াৰ পিছতে আদালতে তেওঁৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply