মঙলদৈঃ অহা ২৮ জানুৱাৰীত পাথৰিঘাটত অনুষ্ঠিত হ’ৱলগীয়া দৰঙৰ জালিয়ানৱালা বাগ পথৰুঘাটৰ কৃষক শ্বহীদ দিৱসৰ অনুস্থান সম্পৰ্কে শনিবাৰে দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পৰমানন্দ ৰাজবংশী, জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ উপস্থিতিত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী সকলৰ সৈতে এখন গুৰুত্বপূৰ্ন বৈঠক অনুষ্ঠিত হয়।  

অসমৰ কৃষিভূমিত ব্ৰিটিছৰ ৰাজহ বৃদ্বিৰ  বিৰুদ্ধে ১৮৯৪ চনত হোৱা কৃষক বিদ্ৰোহে মাথো অসমতেই নহয় বৰঞ্চ সমগ্ৰ ভাৰতৰ সেই সময়ৰ সামগ্ৰিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল। 

পাথৰিঘাটৰ এই ঐতিহাসিক কৃষক বিদ্ৰোহত  প্ৰায় ১৪০ গৰাকী কৃষকে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি মৃত্যুক আকোঁৱালি লৈছিল। কৃষক বিদ্ৰোহৰ এই ঐতিহাসিক দিনটো বিগত বছৰৰ দৰে এইবাৰো বৰ্নাধ্য কাৰ্যসূচীৰে আয়োজন কৰাৰ বিষয়ে উল্লেখ কৰে জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই।

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৱলগীয়া “কৃষক শ্বহীদ দিৱস”ত পুৱাৰ ভাগত সৰ্বধৰ্ম সভাৰ লগতে স্বাস্থ্য শিৱিৰ, পেন্সনাৰ সকলৰ মাজত সজাগতা সভাৰ লগতে বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হোৱাৰ বিষয়ে অৱগত কৰে ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। 

সৈন্য বাহিনীৰ ফালৰ পৰাও এই বিশেষ দিনটোত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে বুলি জানিব পৰা গৈছে। পাথৰিঘাটৰ শ্বহীদ ভৱনত অনুস্থিত হোৱা বৈঠক খনত বিভাগসমূহৰ মুৰব্বীৰ লগতে বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,740 other subscribers

Leave a comment

Leave a Reply Cancel reply