গুৱাহাটীঃ পুনৰ আৰক্ষীৰ জালত পৰিল জলসম্পদ বিভাগৰ চাকৰিৰ নামত দালালি কৰা আন এজন দালাল। আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল কুঁহিৰাম ডেকা। প্ৰায় দহ বছৰ আগতেও চাকৰি দালালিৰ বাবে গ্ৰেপ্তাৰ হৈছিল কুঁহিৰাম। দিছপুৰ আৰক্ষীৰ তথ্যৰ ভিত্তিত দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জলসম্পদ বিভাগৰ নিযুক্তিৰ নামৰ মাষ্টাৰ মাইণ্ড কুহিৰাম ডেকা। ইতিমধ্যে দৰং আৰক্ষীয়ে কুহিৰাম ডেকাক কৰায়ত্ত কৰি দিছপুৰ আৰক্ষীক চমজাই দিয়ে।

উল্লেখ্য যে, দেওবাৰে গুৱাহাটীৰ বৰবাৰীৰ ভি আই পি পথৰ জি বি গেষ্ট হাউচৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাতটা চাকৰিৰ দালালক। ধৃত দালালকেইটা ক্ৰমে কাহিলীপাৰাৰ নয়ন শইকীয়া, মঙলদৈৰ চিৰাজুল হক, নলবাৰীৰ গোবিন্দ চৌধুৰী, নুৰ ইছলাম আহমেদ, প্ৰাঞ্জল বৰ্মন, বশিষ্ঠৰ জয়ন্ত ডেকা আৰু গোৱালপাৰাৰ জয়ন্ত দাস।গেষ্ট হাউচৰ কোঠা ভাড়াতলৈ এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি জলসম্পদ বিভাগৰ মাষ্টাৰৰোলৰ চাকৰিৰ ভুৱা নিযুক্তিৰ বেহা চলাই আহিছিল। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply