দক্ষিণ কামৰূপঃ দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ মাজনী ৰেষ্টুৰেণ্টত নিশা হ’লেই চলে যৌনতাৰ বেহা৷
মঙলবাৰে নিশা অসংযত অৱস্থাত আৰক্ষীয়ে এগৰাকী যুৱতীক উদ্ধাৰ কৰা পিছতেই পোহৰলৈ আহিছে এই ঘটনা ৷
অভিযোগমতে দীৰ্ঘদিন ধৰি এই ৰেষ্টুৰেন্টখনত চলি আহিছে অসৎ কাৰ্য্য কলাপ।
লগতে পঢ়কঃপ্রবক্তা সুস্মিতা ডেকাৰ ৰহস্যজনক মৃত্যুৰ উচিত বিচাৰৰ দাবীত মঙলদৈত প্ৰতিবাদ
মঙলবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে অসংযত অৱস্থাত উদ্ধাৰ কৰা ৰহস্যময়ী যুৱতী গৰাকীক বৰ্তমান ছয়গাঁও আৰক্ষী থানাত সোধ- পোছৰ বাবে জেৰা অব্যাহত ৰাখিছে।
ৰেষ্টুৰেন্ট খনৰ মালিক থুনু দাসৰ নেতৃত্বত দীৰ্ঘদিন ধৰি চলি আছিল এই ভয়ংকৰ ঘটনা ৷
নিশা প্ৰায় দহ বজাত ৰেষ্টুৰেণ্টখনত আৰক্ষীৰ উপস্থিতিৰ উমান পাই মালিক সহ কেবাগৰাকীও এই ঘটনাৰ সৈতে জড়িত থকা যুৱক পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷