খুমটাই : দেশৰ কৃষিভিত্তিক ৰাজ্যসমূহৰ কৃষক সকলৰ সৈতে আজি বিশেষ আলোচনাত মিলিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পৰিৱৰ্তিত জলবায়ুৰ সৈতে মোকামিলা কৰি কিদৰে কি ধৰণৰ কৃষি কৰিব পাৰি আদি কৃষি সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আলোচিত এই আলাপৰ প্ৰদৰ্শন হয় খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰত।

দেশৰ কৃষি বিজ্ঞান কেন্দ্ৰ সমূহৰ জৰিয়তে কৃষক সকলৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ আলোকপাত কৰে। বিশেষকৈ, ভূমিত জৈৱিক পদ্ধতিৰে কৃষি কৰিবলৈ সাৰৰ প্ৰয়োগ প্ৰয়োজনীয়তা আদি বিষয়ত জ্ঞান দিয়ে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলে। খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰত সমাজসেৱী স্বেচ্ছাসেৱী সংগঠন ‘সহায়’ৰ সহযোগত জিলাখনৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক কৃষকে অংশগ্ৰহণ কৰি প্ৰশিক্ষণ লাভ কৰে।

লগতে পঢ়ক :  পাঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা সিদ্ধুৰ পদত্যাগ

প্ৰধানমন্ত্ৰীয়ে অন্তৰংগভাৱে অংশ লোৱা অনুষ্ঠানটি উপভোগ কৰি যথেষ্ট আনন্দিত হৈ পৰে কৃষক সকল। আনহাতে কৃষক সকলক খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰত থকা বিভিন্ন কৃষিৰ পৰিদৰ্শন কৰাই সেইসমূহৰ বিষয়ে বিজ্ঞানী সকলে জ্ঞান দিয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply